নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাইক্র’ফাইনেঞ্চৰ ঋণৰ বোজাঃ নলবাৰীৰ দুটি পৰিয়ালৰ আত্মগোপন

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰাজ্যৰ চৌপাশে কাঠফুলাৰ দৰে গঢ়ি উঠা মাইক্র’ফাইনেঞ্চে বিভিন্ন লোকক ঋণ প্রদানৰ নামত সর্বস্বান্ত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে নলবাৰীত শেহতীয়াকৈ ঘটিল এক অঘটন ৷ বিত্তীয় প্রতিষ্ঠানৰ ঋণৰ বোজা সহিব নোৱাৰি নলবাৰীৰ দুটাকৈ পৰিয়ালে আত্মগোপন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বন্ধন–উজ্জীৱন নামৰ মাইক্র’ফাইনেঞ্চত ঋণ লৈ নলবাৰী জিলাৰ দুটাকৈ পৰিয়ালে আত্মগোপন কৰি থকা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে নলবাৰী জিলাৰ বডিদতৰা গাঁৱৰ ধনেশ্বৰ দাস আৰু কল্পনা দাস নামৰ দম্পতীটোৱে ঋণৰ বোজা সহিব নোৱাৰি বিগত তিনি মাহ ধৰি আত্মগোপন কৰি আছে ৷ পৰিণতিত এতিয়া ঘৰত ওলমি আছে তলা৷ দুর্ভাগ্যৰ কথা যে দম্পতীটোৱে ঘৰত এৰি থৈ যোৱা একমাত্র পুত্রই এতিয়া ইঘৰ–সিঘৰত আশ্রয় গ্রহণ কৰি দিন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইপিনে, আর্থিক দীনতাৰ বাবেই দম্পতীটোৰ একমাত্র পুত্র শৈলেন দাসে মেট্ৰিক পৰীক্ষাৰ বাবে প্র–পত্র পূৰণ কৰিবলৈ সক্ষম নহ’ল ৷ পিতৃ–মাতৃৰ অনুপস্থিতিত কিশোৰ পুত্রই এতিয়া ওচৰ–চুবুৰীয়াৰ অনুগ্রহত পেটৰ ভাত মোকলাবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আজিৰ দিনটোত পুত্র শৈলেনৰ হাততো পিতৃ–মাতৃৰ কোনো খবৰ নাই ৷

ইয়াৰ সমান্তৰালকৈ মোহন দাস আৰু জুনু দাস নামৰ এটা দম্পতীয়েও বিগত তিনি মাহ ধৰি ঋণৰ বোজা সহিব নোৱাৰি আত্মগোপন কৰি আছে ৷ চুবুৰীয়াৰ ভাষ্য মতে, এই দম্পতীয়ে বন্ধন–উজ্জীৱনকে ধৰি বিভিন্ন মাইক্র’ফাইনেঞ্চৰ পৰা লোৱা ঋণৰ বোজাৰ পৰা পৰিত্রাণ পাবলৈ ঘৰৰ সা–সম্পত্তিৰ লগতে ঘৰৰ ভেটিও বিক্রী কৰিছে ৷ ঘৰৰ ভেটি বিক্রী কৰিও ঋণৰ কবলৰ পৰা মুক্ত হ’ব নোৱাৰি আত্মগোপন কৰাবুলি ওচৰ–চুবুৰীয়াই জানিবলৈ দিছে ৷

You might also like