মাজবাটৰ বেটেলী আৰু ধনশ্ৰী চাহ বাগিচা আদৰ্শ হাইস্কুল উদ্বোধন
শিক্ষা অবিহনে এটা জাতি এখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে - মন্ত্রী উৰ্খাও গৌড়া ব্ৰহ্ম
নিয়মীয়া বাৰ্তা, ২৬ মে : অসম চৰকাৰে চাহ বাগিচাৰ লগতে দাতি কাষৰীয়া গাওঁ সমূহত বসবাস কৰা দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই ৰাজ্যৰ চাহ বাগিচা সমূহত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছে। এই আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় সমূহত এতিয়া বাগিচাৰ লগতে অঞ্চলটোৰ ছাত্র-ছাত্ৰী সকলে সুন্দৰকৈ শিক্ষা গ্ৰহণ কৰিব পাৰিব। এই ক্ষেত্ৰত অভিভাৱক সকলৰ গুৰু দায়িত্ব যথেষ্ট আছে । আপোনালোকে অঞ্চলটোৰ নিৰক্ষৰ লৰা-ছোৱালী সকলক উলিয়াই আনি এই আদৰ্শ বিদ্যালয়ত নাম ভৰ্তি কৰাই দি শিক্ষিত কৰিব লাগিব আৰু সমাজত সন্মান সহকাৰে জীয়াই থাকিবলৈ প্ৰেৰণা যোগাব লাগিব। কাৰণ শিক্ষা অবিহনে এটা জাতি এখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে। ২৫ মে বুধবাৰে মাজবাটৰ বেটেলী আৰু ধনশ্ৰী চাহ বাগিচাত স্থাপন কৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্ধোধন কৰিবলৈ আহি বেটেলী চাহ বাগিচাত এইদৰে কয় অসম চৰকাৰৰ হঁস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই। তেওঁ আৰু কয় যে অসম চৰকাৰৰ ৯৬ চাহ বাগিচাত আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ এই যুগান্তকাৰী পদক্ষেপৰ ফলত চাহ বাগিচা সমূহত শিক্ষাৰ সোণালী যুগৰ সূচনা হ’ল | এই অভিলাষী আঁচনিখনৰ জৰিয়তে চাহ জনগোষ্ঠীৰ অনগ্রসৰতাৰ পৰিৱেশৰ আমূল পৰিৱৰ্তন ঘটিব বুলি মন্ত্রী গৰাকীয়ে কয় | প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ শিক্ষাখণ্ডত গ্রহণ কৰা বিভিন্ন ধৰণৰ পদক্ষেপৰ ওপৰত আলোকপাত কৰি মন্ত্রী গৰাকীয়ে কয় যে নতুন শিক্ষা নীতিৰ দ্বাৰা শিক্ষা ব্যৱস্থাটো ভাৰতীয়কৰণ কৰিবলৈ প্রচেষ্টা গ্রহণ কৰা হৈছে | চৰকাৰী বিদ্যালয় সমূহৰ গুণগত মান উন্নত হোৱাৰ ফলত ছাত্র – ছাত্রীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে বুলি তেওঁ কয় বৰ্তমান সময়ত শিক্ষা অবিহনে চৰকাৰী চাকৰি তথা বাগিচাৰ কৰ্মচাৰীতো দূৰৈৰে কথা সাধাৰণ কোম্পানীৰ চাকৰি বিচাৰি গ’লেও আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন। ভাষণ প্ৰসংগত তেওঁ বাগিচা সমূহত বাগিচাৰ শ্ৰমিক সকলৰ সন্তানৰ ভবিষ্যত চিন্তা কৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় একোখন স্থাপন কৰি দিয়াৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ব্ৰহ্মই ফিটা কাটি আৰু নাৰিকল ভাঙি আদৰ্শ বিদ্যালয়খনৰ শুভ উদ্বোধন কৰাৰ আগমূহুৰ্তত বিদ্যালয় চৌহদৰ ভিতৰত মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু বি টি চিৰ পাৰিষদ দীপক মৌৰে দুজোপা গছপুলি ৰোপণ কৰে। ইয়াৰ পিছতে ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়োই বিদ্যালয় শুভ উদ্ধোধনৰ মাংগলিক বন্তি প্ৰজ্বলন কৰে। সভাত বি টি আৰ কাৰ্যবাহী পাৰিষদ ড° নীলুৎ স্বৰ্গীয়াৰী , বি টি চি প্ৰাক্তন পাৰিষদ জীতু কিষাণ, ওদালগুৰি জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰক্তিম বুঢ়াগোহাঁই , সুপ্ৰিয়া বাগলাৰী , ওদালগুৰি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্ম , ওদালগুৰি জিলা লোকনিৰ্মাণ বিভাগৰ এচ ডি অ ৰেখা বসুমতাৰী আৰু কনিষ্ঠ অভিযন্তা মনিলাল বড়ো উপস্থিত থাকে। সভাৰ শেষত বিয়লি ৪ বজাত মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই ধনশ্ৰী চাহ বাগিচাত স্থাপন কৰা আনখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খনো শুভ উদ্বোধন কৰে। দুয়োখন আদৰ্শ বিদ্যালয়ত বৰ্তমানলৈ কোনো স্থায়ী শিক্ষক নিযুক্তি দিয়া নাই ৰাজ্য চৰকাৰে | অন্য চৰকাৰী বিদ্যালয়ৰ পৰা দুজন / তিনিজনকৈ নি উক্ত আদৰ্শ বিদ্যালয়ত পাঠদান কৰিব দিছে | তেখেত সকলে দা -দৰমহা পূৰ্বৰ বিদ্যালয় সমূহত গ্রহণ কৰিবলগীয়া হৈছে | যাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ বিদ্যালয়ৰ ছাত্র – ছাত্ৰী সকলৰ পাঠদানত পিছ পৰি যাবলগীয়া হৈছে | অন্য বিদ্যালয়ৰ শিক্ষকৰ জৰিয়তে পাঠদান কৰা কাৰ্য বন্ধ কৰি আদৰ্শ বিদ্যালয়ৰ সমূহত নতুনকৈ শিক্ষক নিযুক্তি দি অন্য বিদ্যালয়ৰ পৰা অনা শিক্ষক সকলক পূৰ্বৰ বিদ্যালয় সমূহলৈ ঘুৰি যোৱাৰ ব্যৱস্থা কম দিনৰ ভিতৰত কৰিব বুলি অভিভাৱক – অভিভাৱিকা সকলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছেঁ |