মাজুলীত ক’ৰোনাৰ বাবে মৃতকৰ সৎকাৰৰ বাবে নাহিল গাঁওবাসী
নিয়মীয়া বাৰ্তা, ১৯ মে’: মৰিশালিৰ কাষত বহি হিয়াঢ়াকুৰি কান্দিছে এগৰাকী মহিলাই৷ মৃত্যুৰ পিছতো নিজ স্বামীক চাব নোৱাৰি মাজুলীৰ মোৱামাৰী চাপৰি গাঁৱৰ এটা পৰিয়ালত কান্দোনৰ ৰোল উঠিছে৷ উল্লেখ্য যে চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ গুৱাহাটীৰ বি বৰুৱা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা চন্দেশ্বৰ পেগু নামৰ লোকজনক যোৱা শনিবাৰে ঘৰলৈ ঘূৰাই অনাৰ সময়ত আদবাটতে দেওবাৰে লখিমপুৰত লোকজনৰ মৃত্যু হয়৷
দেওবাৰে বিয়লি ঘৰত মৃতদেহ আহি পোৱাৰ পিছত গাঁৱৰ কোনো লোক মৃতদেহ সৎকাৰৰ বাবে নহাত ভনীয়েক আৰু ভায়েকে মিলি সৎকাৰ কৰিব লগা হয়৷ ক’ভিড–১৯ৰ ভয়ত গাঁওবাসী এই পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ নাহিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ আনহে নালাগে নিজ পুত্র, পত্নীয়েও শেষবাৰৰ বাবে চাবলৈ নাপালে মৃতকৰ মুখ৷ বর্তমান দুই পুত্রক আনৰ ঘৰত ৰাখি পৰিয়ালৰ লোকসকল কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা কৰিছে৷ ঘৰখনৰ একমাত্র উপার্জনকাৰী লোকজনৰ মৃত্যুৱে পৰিয়ালটোক শোকস্তব্ধ কৰি তুলিছে৷ মৰিশালিৰ কাষত বহি কান্দি কাটি সময় অতিবাহিত কৰা পত্নীৰ এই হূদয়বিদাৰক দৃশ্যই ব্যাকুল কৰি তুলিছে গাঁওবাসীক৷ চকুৰ পানীৰে বাট নেদেখা অৱস্থা হৈছে এই দুর্ভগীয়া পৰিয়ালটোৰ৷ এফালে দুটা সন্তানৰ ভৰণ–পোষণৰ চিন্তা, আনফালে উপার্জনৰ চিন্তা৷
তাৰ মাজতেই এতিয়া ভূতৰ ওপৰত দানহ পৰা দি অহা ক’ৰোনাৰ সংহাৰে পৰিয়ালটোক ভীতিগ্রস্ত কৰি তুলিছে৷ কাম–বন কৰি পৰিয়াল পোহপাল দিয়া লোকজনে পৰিয়ালটোক নিঠৰুৱা কৰি স্বর্গগামী হোৱাত পত্নী ভাগি পৰাৰ লগতে চৰকাৰৰ পৰা কিছু সাহায্যৰ অর্থে কাতৰ আহ্বান জনাইছে৷