নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীত ব্যাপক হাৰত বৃদ্ধি ক’ৰোনা ৰোগী

নিয়মীয়া বাৰ্তা, আগষ্টঃ বৃহত্তৰ মিছামাৰী অঞ্চলত কিছুদিনৰ পৰা ক’ৰোনা ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাত অঞ্চলটোৰ জনসাধাৰণৰ মাজত আতংক বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ যোৱা দুদিনৰ ভিতৰতে অঞ্চলটোৰ ভাৰতীয় তেল নিগম মিছামাৰী ডিপোৰ পৰা তেল সৰবৰাহকাৰী ১২জনকৈ টেংকাৰ চালকৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাত ডিপোটোৰ বিষয়া–কর্মচাৰীৰ উপৰি অন্য টেংকাৰচালক সহায়ক, টেংকাৰৰ গৰাকী আদিৰ লগতে কাষতে থকা ব্যৱসায়ী আৰু প্রতিষ্ঠানসমূহৰ ব্যৱসায়ী, হাটবজাৰ কৰিবলৈ অহা লোকসকলৰ মাজত আতংক বিৰাজ কৰাত আজি পুৱাৰ ভাগৰ পৰাই আৰক্ষীয়ে তেল ডিপোটোৰ উপৰি ব্যৱসায়িক প্রতিষ্ঠানটোৰ বৃহৎ এলেকাটো কনটেইনমেণ্ট জ’ন ঘোষণা কৰি বেনাৰ–পোষ্টাৰ আঁৰি আবদ্ধ কৰি দিয়ে৷

উল্লেখ যে কিছুদিন পূর্বে তাত অৱস্থিত দে’ ষ্টোৰত কর্মৰত এগৰাকী কর্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছিল৷ আনহাতে যোৱা জুলাইত অঞ্চলটোৰ বান্দৰহাগী পথাৰ গাঁৱৰ সংগীতা লামা নামৰ এগৰাকী যুৱতী ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল৷ ইয়াৰ পিছতে বান্দৰহাগী পথাৰ আৰু ইয়াৰ আশে–পাশে অৱস্থিত গাঁৱৰ ৰাইজে মিলি বৃহত্তৰ ধনখনা অঞ্চলটোক চাৰি দিন কনটেইনমেণ্ট জ’ন ঘোষণা কৰি ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ ৰাখে৷

You might also like