নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীয়ে কন্দা–কটা কৰিব নালাগে, পদত্যাগ কৰকঃ পলাশ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত ‘অস্তিত্ব ৰক্ষাৰ চিঞৰ’ শীর্ষক ‘কা’বিৰোধী এখন বিশাল প্রতিবাদী সভা অনুষ্ঠিত হয়৷ সভাৰ আৰম্ভণিৰ পূর্বে ‘কা’বিৰোধী আন্দোলনত শ্বহীদ হোৱা পঞ্চ শ্বহীদক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷

অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি ৰাণাপ্রতাপ বৰুৱা প্রমুখ্যে নেতাসকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ নেতা–কর্মীসকল আৰু ৰাইজে শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে৷

ইপিনে এই সভাতে জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সম্পাদক পলাশ চাংমায়ে ভাষণ প্রদান কৰি অসমৰ মুখ্যমন্ত্রীক আহ্বান জনাই কয়– ‘আপুনি আৰু কন্দা–কটা কৰিব নালাগে, আপুনি অসমৰ বৃহত্তৰ ৰাইজৰ স্বার্থত পদত্যাগ কৰক৷ এইখন চৰকাৰে মহাপুৰুষ মাধৱদেৱৰ নাম লোৱাৰ কোনো অধিকাৰ নাই৷ কিয়নো এইখন চৰকাৰে লখিমপুৰৰ মাধৱদেৱ কলাক্ষেত্র বর্তমানপর্যন্ত নির্মাণ সম্পূর্ণ কৰি তুলিব পৰা নাই৷ আমি আমাৰ ভাষা–সংস্কৃতি হেৰুৱাব বিচৰা নাই৷’

তেওঁ লগতে কয় যে অসম গণ পৰিষদে যি বিশ্বাসঘাতকতা কৰিছে, সেই বিশ্বাসঘাতকতা কংগ্রেছ বা বিজেপিয়েও কৰা নাই৷ আঞ্চলিকতাবাদী এটা সুস্থ চিন্তাৰ দল বর্তমান অসমত প্রয়োজন, যি ৰাজনৈতিক দলে দিছপুৰত বহি বছৰ বছৰ ধৰি চলি থকা অসমৰ সমস্যা সমাধান কৰিব পাৰে৷ কিন্তু প্রথমে ‘কা’ বাতিল হ’ব লাগিব৷ প্রতিবাদী সভাত শিল্পী অজয় ফুকন, নেকিব, ভৃগু কাশ্যপ উপস্থিত হৈ ‘কা’ৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ অসমীয়া ৰাইজক আহ্বান জনায়৷ প্রতিবাদী কার্যসূচীত সহযোগী উদ্যোক্তা হিচাপে থকা সংগঠনসমূহ হ’ল শিল্পী সমাজ, ঢ়েকীয়াজুলি, পশ্চিম ঢ়েকীয়াজুলি আঞ্চলিক ছাত্র সন্থা, সদৌ অসম আদিবাসী ছাত্র সন্থা, ঢ়েকীয়াজুলি আৰু বৰছলা সমষ্টি, অসম চাহ জনজাতি ছাত্র সন্থাৰ ঢ়েকীয়াজুলি আৰু বৰছলা শাখা, সদৌ অসম গোর্খা ছাত্র সন্থাৰ ঢ়েকীয়াজুলি আৰু বৰছলা আঞ্চলিক সমিতি, সদৌ চাওতাল ছাত্র সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ লগতে হাজাৰ হাজাৰ ঢ়েকীয়াজুলিবাসীয়ে ‘অস্তিত্ব ৰক্ষাৰ চিঞৰ’ শীর্ষক প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি চৰকাৰক জাতিধ্বংসী আইন ‘কা’ বাতিলৰ বাবে সবলভাৱে দাবী জনায়৷

You might also like