নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীৰ গাঁও পঞ্চায়ত ক্রীড়াৰ ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানত সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ বিশ্বৰ প্রতিখন ৰাষ্ট্রই ৰাষ্ট্র নির্মাণৰ প্রক্রিয়াত ক্রীড়া ক্ষেত্রখনক অগ্রাধিকাৰ দি আহিছে৷ অর্থনৈতিকভাৱে শক্তিশালী আৰু প্রতিষ্ঠিত ৰাষ্ট্রসমূহে ক্রীড়াৰ জৰিয়তে সমাজখনৰ স্বাস্থ্য শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ ক্রীড়া অবিহনে সুস্বাস্থ্য আৰু সবল মনৰ অধিকাৰী হ’ব নোৱাৰি৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্রত ৰাজ্য চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত মুখ্যমন্ত্রীৰ গাঁও পঞ্চায়ত ক্রীড়া প্রতিযোগিতাৰ ৰাজ্যিক পর্যায়ৰ অনুষ্ঠানত অংশগ্রহণ কৰি তেওঁ কয়– ক্রীড়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ৷ ক্রীড়াক অৱহেলা কৰিলে সমাজখন দুর্বল হয়৷ দেশৰ প্রতিগৰাকী জনসাধাৰণকে সুস্বাস্থ্যৰ গৰাকী কৰি তুলিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ফিট ইণ্ডিয়া মুভমেণ্টৰ সূচনা কৰিছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ৩৩খন জিলাৰ পৰা অহা খেলুৱৈসকলে কঠোৰ পৰিশ্রম আৰু দৃঢ়তাৰ জৰিয়তে নিজৰ স্বাস্থ্য শক্তিশালী কৰাৰ লগতে আনকো অনুপ্রাণিত কৰিব লাগিব৷ আন্তৰিকতা, নিষ্ঠাৰে কঠোৰ পৰিশ্রম কৰিলেহে লক্ষ্যত উপনীত হ’ব পাৰি বুলি তেওঁ খেলুৱৈসকলক পৰামর্শ আগবঢ়ায়৷ উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন চহৰ–নগৰ, চাহ বাগিচাকে ধৰি প্রতিটো প্রান্তৰ প্রতিভাসমূহ চিনাক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে মুখ্যমন্ত্রীৰ গাঁও পঞ্চায়ত ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰিছে৷ আজি অনুষ্ঠিত এই প্রতিযোগিতাৰ ৰাজ্যিক পর্যায়ৰ খেলত কাছাৰৰ ৰোশন সিঙে এথলেটিক্ছৰ ১৫০০ মিটাৰত শ্রেষ্ঠত্ব অর্জন কৰে৷ একেদৰে ছোৱালীৰ ১৫০০ মিটাৰত শোণিতপুৰৰ পুতলা দাস, ল’ৰাৰ হাইজাম্পত কামৰূপ মেট্র’ৰ বিদ্যুৎ মজুমদাৰ, ল’ৰাৰ ১৭ বছৰ অনূর্ধ্ব শ্বটপুটত তিনিচুকীয়াৰ ৰাইহান নাছিৰ, ছোৱালীৰ ১৭ বছৰ অনূর্ধ্ব শ্বটপুটত কোকৰাঝাৰৰ কৃষ্ণা বড়ো, ডিছকাছ থ্র’ত মাজুলীৰ কৃষ্ণমণি পেগু, হাইজাম্পত ওদালগুৰিৰ সাত্ব্ন্না বড়ো, ল’ৰাৰ ১৭ বছৰ অনূর্ধ্বৰ ৪০০ মিটাৰত শিৱসাগৰৰ দ্বীপজ্যোতি নেওগ, ছোৱালীৰ ৪০০ মিটাৰত নীলাক্ষি ওৰাং আৰু ডিছকাছ থ্র’ত যুগন্ত চাংমাই প্রথম স্থান অধিকাৰ কৰে৷

You might also like