মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি আৰক্ষীৰ দালাল অভিযান; কাছাৰত গ্ৰেপ্তাৰ ৯
নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ ৰাজ্যৰ অইন ঠাইৰ লগতে নিশাৰ ভিতৰতে কাছাৰৰ আৰক্ষী থানাই থানাই চলিল দালাল বিৰোধী অভিযান। কাছাৰত ৯ গৰাকী দালাল গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত দালাল সকল হ’ল শিলচৰ থানাৰ অধীন সুব্রত দাস, (ৰাঙ্গীৰখাড়ি), ছেলিম উদ্দিন লস্কৰ, (গোসাইপুৰ) প্রদীপ কৰ । ধলাই থানাৰ অধীনত সঞ্জীব নাথ লস্কৰ,ছোনাবৰ আলী বৰভূঞা,ধোয়াৰবন্দ থানাৰ অধীন অৰূপ পাল , সোনাইৰ দিনোজ দাস ,বড়খলা থানাৰ অধীন চবজিল আলী আৰু কাটিগাৰা থানাৰ অধীন কমল দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তেওঁলোকক আটক কৰি ৰাতিয়েই শিলচৰ আৰক্ষী থানালৈ অনা হয়।
উল্লেখ্য, সমগ্ৰ ৰাজ্যতে আৰক্ষী থানাত দালালি কৰা মুঠ ২১০ জনৰ ভিতৰত এওঁলোক আছে। আটাইকে আৰক্ষীত এজাহাৰ লিখা আৰু বিভিন্ন কামত মধ্যস্থতাকাৰী হিচাপে কাম কৰাৰ অপৰাধত আটক কৰা বুলিও জানিব পৰা গৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীৰ নিৰীক্ষণত সাঙোৰ খায় হেনো এইসকলৰ নাম । পৰৱৰ্তী সময়তো আৰক্ষীত দালালি কৰা বহু ৰৌ-বৰালি ৰঙাঘৰৰ আলহী হোৱাৰ ইংগিত পোৱা গৈছে। দেওবাৰে আৰক্ষীয়ে ধৃত আটাই কেইজনকে আদালতত হাজিৰ কৰায় আৰু পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ইপিনে, ধোয়াৰবন্দ আৰক্ষী চকীৰ অধীন অৰূপ পালক গ্ৰেপ্তাৰ কৰাৰ তীব্ৰ প্ৰতিবাদ জনাই স্থানীয় ৰাইজে ধোয়াৰবন্ধত পথ অৱৰোধ কাৰ্যসূচী পালন কৰে। ৰাইজৰ মতে, অৰূপ পাল এগৰাকী বস্ত্ৰ ব্যাবসায়ী । তেওঁ ৰাইজৰ সুবিধাৰ বাবে এফ আই আৰ লিখে।