নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষজোৰা কাৰ্যসূচীৰে কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ কলিয়াবৰৰ সংবাদ জগতৰ সংবাদকৰ্মীসকৰ উমেহতীয়া অনুষ্ঠান কলিয়াবৰ প্ৰেছ ক্লাবে এই বৰ্ষত ভৰি দিলে ৰূপালী জয়ন্তী বৰ্ষত। অসম তথা দেশৰ সংবাদজগতখনক কলিয়াবৰক এক সুকীয়া পৰিচয় দিয়াৰ লক্ষ‍্যৰে ১৯৯৭ চনৰ ১৭ জুলাই প্ৰতিষ্ঠা লাভ কৰা কলিয়াবৰ প্ৰেছ ক্লাবে ২৫ বৰ্ষত খোজ দিয়াত দেওবাৰৰ পৰা আৰম্ভ হয় বৰ্ষজোৰা কাৰ্যসূচী। প্ৰেছক্লাবৰ কাৰ্য‍্যালয় প্ৰাঙ্গনত নিৰ্মাণ কৰা হাৰলিঘৰৰ সমুখত সমৱেত হয় কলিয়াবৰৰ বিশিষ্ট ব‍্যক্তিসকল। শুভাৰম্ভণী অনুষ্ঠানত ৰূপালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰে ৰাজ‍্যৰ স্বাস্থ‍্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই। সমৱেত ৰাইজ আৰু কলিয়াবৰৰ সংবাদকৰ্মীসকলে মন্ত্ৰী কেশৱ মহন্তই প্ৰজ্বলন কৰা এক প্ৰতীকি মেজিৰ সমুখত উপস্থিত হৈ সকলোৰে মঙ্গল কামনা কৰি মেজিৰ জুইৰ উত্তাপেৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ বৰ্ষযোৰা ৰূপালী জয়ন্তী উৎসৱত সাফল‍্যমণ্ডিত কৰাৰ সংকল্প গ্ৰহণ কৰে।

১৯৯৭ চনত গঠন হোৱা কলিয়াবৰ প্ৰেছ ক্লাৱৰ গৌৰৱোজ্জল পঁচিশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্য‍্যসূচী সফলভাৱে অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপান সমিতিৰ সভাপতিৰূপে সকলধৰণৰ সহায়-সহযোগিতা কলিয়াবৰৰ ৰাইজৰ পৰা কামনা কৰে।

আজিৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণী অনুষ্ঠানত কলিয়াবৰৰ দহগৰাকী বয়োজ‍্যেষ্ঠ ব‍্যক্তিক সেৱা নিৱেদনৰ লগতে ৰূপালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্য‍্যসূচীতে কলিয়াবৰীয়া ৰাইজৰ সহায়-সহযোগ কামনাৰে আঠু লৈ সেৱা আগবঢ়াই কলিয়াবৰ প্ৰেছ ক্লাৱৰ সদস‍্যসকলে। কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াই ৰপালী জয়ন্তী বৰ্ষটোৰ কাৰ্য‍্যসূচীসমূহ ঘোষণা কৰে।

আজিৰ শুভাৰম্ভণী অনুষ্ঠানত অসমৰ বিশিষ্ট লোকসঙ্গীতৰ চৰ্চা আৰু প্ৰসাৰত আত্মনিয়োগ কৰা শিল্পী তথা কলিয়াবৰীয়া বোৱাৰী জীনা ৰাজকুমাৰী গোস্বামীয়েও এশাৰী বিহু নামেৰে ভোগালীৰ ওলগ জনোৱাৰ লগতে প্ৰেছ ক্লাবৰ অনাগত কাৰ্য‍্যসূচীৰ সফলতা কামনা কৰে। প্ৰেছ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কলিয়াবৰৰ সোণাৰী গাঁৱৰ ঐতিহাসিক ‘কলীবুঢ়ী নৃত‍্য’ প্ৰদৰ্শন কৰে সোণাৰী গাঁৱৰ মহিলাসকলে। লগতে যুৱকৰ এটি দলে নামো পৰিৱেশন কৰে।

প্ৰেৰকঃ কনক হাজৰিকা, নগাঁও

You might also like