মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোজাইত অসম জাতীয় পৰিষদৰ গণ বিক্ষোভ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা খাদ্য সামগ্ৰীৰ মূল্য আৰু পেট্ৰল, ডিজেলৰ লগতে ৰন্ধন গেছ আৰু বিদ্যুতৰ মাছুলে জীয়াতু ভুগাইছে অসমৰ ৰাইজক। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য দ্ৰুত গতিত বৃদ্ধি পোৱাত আজি অসম জাতীয় পৰিষদ আৰু জাতীয় যুৱ শক্তিয়ে হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি বি জে পি নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে।
খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে ৰজাঘৰীয়াই দেশৰ নাগৰিকক শোষণ চলাই আছে বুলি অভিযোগ কৰে অসম জাতীয় পৰিষদৰ হোজাই জিলা সভাপতি লুতফুৰ ৰহমানে। আনহাতে ক’ৰোনা মহামাৰীয়ে ৰাজ্যৰ জনতাৰ জন-জীৱন স্তব্ধ কৰি পেলাইছে। ক’ৰোনাৰ বিভীষিকাৰ বাবে দীন দৰিদ্ৰ জনসাধাৰণৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত দুচকুৰে বাট নেদেখা অৱস্থা হৈ পৰিছে দৰিদ্ৰ পৰিয়াল সমূহৰ। তেনে অৱস্থাত চৰকাৰে বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ নামত কেৱল মাত্ৰ পাঁচ কিলোগ্ৰাম চাউল দি দায়িত্ব সামৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰে অসমৰ ৰাইজৰ মুৰত ৰাম টাঙোন শোধাইছে বুলি বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰি খাদ্য সামগ্ৰীৰ লগতে পেট্ৰোল ডিজেল , ৰন্ধন গেছ, বিদ্যুৎ মাছুলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধৰ দাবী উত্থাপন কৰে অসম জাতীয় পৰিষদ দলৰ হোজাই জিলা সমিতিৰ সম্পাদক মিনহাজ আহমেদে। ইয়াৰ উপৰিও হোজাই জিলাৰ ডবকাৰ সংৰক্ষিত বনাঞ্চলৰ মাজেদি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত প্ৰায়ে ছয় শতাধিকৰো অধিক শাল গছ কটি পেলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী পক্ষই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰ আৰু চৰকাৰৰ বন মন্ত্ৰীক তীব্ৰ সমালোচনা কৰি উক্ত নিৰ্মাণ হ’বলগীয়া ৰাষ্ট্ৰীয় ঘাইপথ বনাঞ্চলৰ মাজৰে নিয়াৰ বিপৰীতে বিকল্প চিন্তা কৰিবলৈ আহ্বান জনায় হোজাই জিলা জাতীয় যুৱ শক্তিৰ সভাপতি মোকিবুত জামানে।