নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ-নিৰ্বাচনঃ মৰিয়নীত ১,২৪,২৬৯ জন ভোটাৰে নিৰ্ণয় কৰিব চাৰি প্ৰাৰ্থীৰ ভৱিষ্যৎ

সাজু ১৮৩ ভোট গ্ৰহণ কেন্দ্ৰ

নিয়মীয়া বাৰ্তাঃ ২৯ অক্টোবৰঃ ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মৰিয়নী বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে তিতাবৰ নিৰ্বাচনী জিলাৰ নিৰ্বাচন বিভাগ সাজু হৈ উঠিছে । সমষ্টিটোত এইবাৰ চাৰিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জাতীয় কংগ্ৰেছৰ হৈ লোহিত ( অভিজিত ) কোঁ‌ৱৰ, বিজেপি মিত্ৰজোঁ‌টৰ ৰূপজ্যোতি কুৰ্মী, অসম সংগ্ৰামী মঞ্চৰ গোপাল ঘাটোৱাৰ আৰু ৰাইজৰ দল সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মৰিয়নি সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ২৪ হাজাৰ ২৬৯ গৰাকী। ইয়াৰে ৬১ হাজাৰ ৫৯৭ গৰাকী পুৰুষ আৰু ৬২ হাজাৰ ৬৭২ গৰাকী মহিলা ভোটাৰ ।

লক্ষণীয়ভাৱে মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ অধিক । আনহাতে, সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১৮৩ টা। ইয়াৰে পাঁ‌চটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব । তাৰোপৰি মৰিয়নী মহাবিদ্যালয়ৰ ( সোঁ‌ দিশৰ ) ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছে ।

ইফালে, এই উপ-নিৰ্বাচনৰ বাবে তিতাবৰ জিলা নিৰ্বাচন বিভাগে ইতিমধ্যে প্ৰায় ৯৫০ গৰাকী প্ৰিজাইডিং আৰু পুলিং অফিচাৰক নিযুক্তি দিয়া হৈছে । ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰ সমূহকো সাজু কৰি তোলা হৈছে । ভোটগ্ৰহণ কেন্দ্ৰ সমূহলৈ প্ৰিজাইডিং আৰু পুলিং বিষয়াসকল ৰাওনা হৈছে । তিতাবৰ জিলাৰ মুখ্য নিৰ্বাচনী বিষয়া তথা গায়ত্ৰী দেৱীদাস হ্যাংগলেই সকলো ভোটাৰকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছে । যুৱক যুৱতীসকলক উৎসাহিত আৰু আকৰ্ষণ কৰিবৰ বাবে তিতাবৰ জিলা নিৰ্বাচনী বিভাগে ইতিমধ্যে ৰাষ্ট্ৰীয় পদক প্ৰাপ্ত ভাৰোত্তোলক খেলুৱৈ মধুস্মৃতা বৰুৱাক ব্ৰেণ্ড হিচাপে নিযুক্তি দিছে ।

You might also like