নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেক্সিকো–আর্জেণ্টিনাৰ মেচৰ দর্শকৰ সংখ্যাই গঢ়িলে নতুন অভিলেখ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: কাটাৰতে অন্তিমখন বিশ্বকাপ খেলিব লি’নেল মেছিয়ে৷ তদুপৰি, মেক্সিকোৰ বিৰুদ্ধে আর্জেণ্টিনাৰ যুঁজ আছিল প্রতিযোগিতাখনত বর্তি থকা৷ সেইবাবে মেক্সিকো আৰু আর্জেণ্টিনাৰ মেচখনক কেন্দ্র কৰি অনুৰাগীৰ উৎসাহ আছিল সর্বাধিক৷ মেছিৰ দুই ভৰিৰ যাদু প্রত্যক্ষ কৰিবলৈ লুছাইল ষ্টেডিয়ামত ভিৰ কৰিছিল হাজাৰ হাজাৰ দর্শকে৷ সেয়ে উৎসাহী সমর্থকৰ সংখ্যাই অভিলেখ গঢ়িলে কাটাৰত৷ কালি মাজনিশা অনুষ্ঠিত মেচখন প্রত্যক্ষ কৰিবলৈ সমৱেত হয় ৮৮,৯৬৬গৰাকী দর্শক৷ প্রকৃততে লুছাইল ষ্টেডিয়ামত দর্শকৰ আসন ৮০ হাজাৰ৷ কিন্তু আর্জেণ্টিনাৰ মেচৰ টিকটৰ চাহিদাৰ কথা ভাবি অস্থায়ী আসনৰ ব্যৱস্থা কৰিছিল আয়োজকে৷ ইয়াৰ পিছতো টিকটৰ চাহিদা পূৰণ নহ’ল৷ ষ্টেডিয়ামৰ বাহিৰতো ভিৰ কৰিছিল অসংখ্য সমর্থকে৷ চলিত বিশ্বকাপত ইয়াৰ আগতে এইখন ষ্টেডিয়ামত দুখন মেচ অনুষ্ঠিত হৈছিল যদিও দর্শকৰ সংখ্যা যথেষ্ট কম আছিল৷ আচলতে বিগত ২৮ বছৰ বিশ্বকাপৰ কোনো মেচত ইমান দর্শক সমৱেত হোৱা নাছিল৷ ১৯৯৪ বিশ্বকাপৰ ফাইনেলত ব্রাজিল আৰু ইটালীৰ মেচ প্রত্যক্ষ কৰিবলৈ উপস্থিত হৈছিল ৯১ হাজাৰৰো অধিক দর্শক৷ উল্লেখ্য যে বিশ্বকাপৰ ইতিহাসত আটাইতকৈ বেছি দর্শকৰ অভিলেখো হৈছিল ব্রাজিলৰ এখন মেচত৷ ১৯৫০ চনত মাৰাকানা বিশ্বকাপৰ ফাইনেলত ব্রাজিল বনাম উৰুগুৱেৰ মেচ চাবলৈ ভিৰ কৰিছিল এক লাখ ৭৩ হাজাৰৰো অধিক দর্শকে৷

You might also like