নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণত আলফাৰ লিংকমেনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ডিব্রুগড জিলাৰ মৰাণ থানাৰ আৰক্ষীয়ে আলফাৰ লিংকমেন এজনক গ্রেপ্তাৰ কৰে৷ ঘটনাৰ বিৱৰণী মতে, এক গোপন তথ্যৰ ভিত্তিত ডিব্রুগডস্থিত সেনাই মৰাণ আৰক্ষী থানাৰ অন্তর্গত চেনিৰাম খাৰিয়াৰ জ্যেষ্ঠ পুত্র ৰাকেশ খাৰিয়া ওৰফে নৰেন খাৰিয়া (৩০)ক যোৱা ২০ এপ্রিলৰ নিশা নিজা বাসগৃহত আটক কৰি শিবিৰলৈ লৈ যায়৷ উল্লেখযোগ্য যে ৰাকেশ খাৰিয়া কৃষক মুক্তি সংগ্রাম সমিতি, অসমৰ মৰাণ আঞ্চলিক সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল৷ আলফাৰ লিংকমেনৰ অভিযোগত সেনাবাহিনীয়ে আটক কৰা যুৱকজনক সোধা–পোছা কৰাৰ পিছত যোৱানিশা মৰাণ আৰক্ষী থানাত চমজাই দিয়ে৷ সেনাবাহিনীয়ে যুৱকজনৰ পৰা এটা চি পি ইউ, পাঁচটা ম’বাইল হেণ্ডছেট, এটা হার্ডডিস্ক, এটা চি ডিসহ ভালেমান আপত্তিজনক নথি–পত্র জব্দ কৰে৷ মৰাণ থানাৰ আৰক্ষীয়ে আলফাৰ লিংকমেন তথা ৰাকেশ খাৰিয়াৰ বিৰুদ্ধে সেনাবাহিনীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৯৪/২০২০ নম্বৰ এক গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১২১/ জে পি চি ৰ আৰ ডব্লিউ ছেকচন ১০/বি ইউ এ পি ধাৰাত গ্রেপ্তাৰ কৰি বুধবাৰে জেললৈ প্রেৰণ কৰে৷

You might also like