নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁওৰ আৰক্ষী অধীক্ষক ৰ নেতৃত্বত বৃহৎ অভিযান; ১৩ লাখ ৪০ হাজাৰ নকল টকা জব্দ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই মৰিগাঁও জিলাৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত লাওতলীত ১৩ লাখ ৪০ হাজাৰ নকল টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে নকল টকাৰ সৈতে দুজনক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম ক্ৰমে ছিৰাজুল হক আৰু নুৰুল আমিন।

পলায়নৰ চেষ্টা কৰা দুই নকল টকা সৰবৰাহকাৰীক দুই জাই গুলি ফুটাই আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰে আৰক্ষীয়ে। মৰিগাঁও জিলা আৰক্ষী অধীক্ষক নন্দ সং বৰকলাৰ নিজা অভিযানত ধৰা পৰে নকল টকা সৰবৰাহকাৰী দুটা। অভিযানত অংশগ্ৰহণ কৰে মৰিগাঁও ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শোভাষীস বৰুৱাই। আৰক্ষীৰ জেৰাত সৰবৰাহকাৰী দুটাই দিয়া স্বীকাৰোক্তি মতে মাৰনাস্ত্ৰ কিনিবৰ বাবে ৰাখিছিল টকা খিনি। উল্লেখ্য মৰিগাঁও জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে অসামাজিক চক্ৰৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইসে।

You might also like