নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতুল বৰাৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি; ৰাজ্যৰ কৃষিখণ্ডৰ “ব্ৰেণ্ড এম্বেছেডৰ” হ’ল জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: অসমৰ “হাৰ্ট থ্ৰব” জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ সৈতে আজি দিছপুৰৰ আৱাসত এক বিশেষ আলোচনাত মিলিত হয় কৃষি মন্ত্ৰী অতুল বৰা৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মন্ত্ৰী অতুল বৰাই আলোচনা কৰি জুবিন গাৰ্গক অসমৰ কৃষি আৰু আনুষংগিক খণ্ডৰ “ব্ৰেণ্ড এম্বেছেডৰ” হোৱাৰ প্ৰস্তাৱ এই আলোচনাৰ মাজতে আগবঢ়ায় আৰু জুবিন গাৰ্গেও প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনায়৷

লগতে, কণ্ঠশিল্পীগৰাকীয়ে জনায় যে কৃষকসকলক সংগঠিত কৰি শস্যৰ উৎপাদন, পৰিবহণ আৰু বিপণন প্ৰক্ৰিয়াত সহায়ৰ হাত আগবঢ়াব৷

ইপিনে অতুল বৰাই কয়- “অসমৰ হিয়াৰ আমঠু, তাৰকা শিল্পীগৰাকীৰ এনে পদক্ষেপে অসমৰ যুৱ-প্ৰজন্মক কৃষি খণ্ডলৈ আকৰ্ষিত কৰিব, যাৰ ফলত যুৱ-প্ৰজন্ম স্বাৱলম্বী হোৱাৰ লগতে “আত্মনিৰ্ভৰ অসম”ৰ ধাৰণাইয়ো বাস্তৱ ৰূপ পাব৷ অসমৰ পথাৰৰ পৰা এক নীৰৱ বিপ্লৱ সূচনা কৰি পথাৰৰ লগতে বজাৰ দখল কৰিবলৈ হ’লে কৃষি খণ্ডত যুৱপ্ৰজন্মৰ আন্তৰিকতা বাঞ্ছনীয়৷ জুবিন গাৰ্গৰ দৰে তাৰকা শিল্পীয়ে গ্ৰহণ কৰা এনে পদক্ষেপে আমাৰ এই চেষ্টাক যথেষ্ট উদগনি যোগাব৷”

উল্লেখ্য যে আলোচনাকালত লগতে আছিল অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, কৃষি বিভাগৰ যুটীয়া সচিব, অসম বীজ নিগমৰ পৰিচালন সঞ্চালক আৰু কৃষি মাৰ্কেটিং ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী, কৃষি বিভাগৰ যুটীয়া সঞ্চালক পি কে মহন্ত, উদ্যান শস্য বিভাগৰ সঞ্চালক আব্দুল জলিলকে ধৰি কেইবাগৰাকী বিষয়া৷

You might also like