নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত নৰপিশাচে ধর্ষণ কৰি হত্যা কৰিলে ৯ বছৰীয়া শিশুক

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মৰিগাঁও চহৰৰ নাতিদূৰৰ শ’লমাৰীৰ কৰৈআটী গাঁৱত এখন পৰিত্যক্ত জাৰণিত এগৰাকী ৯ বছৰীয়া কন্যা শিশুৰ ক্ষত–বিক্ষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে বিয়লি প্রায় ৪ বজাত উদ্ধাৰ হয় কণমানিজনীৰ মৃতদেহ৷

উল্লেখ্য যে কিশোৰীগৰাকীক অতি নৃংশসভাৱে ধর্ষণ কৰি পাছত হানি–খুঁচি হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ প্রাপ্ত তথ্য অনুসৰি উক্ত শিশুটিৰ পৰিয়ালে প্রায় ৬ মাহ পূর্বে লাহৰীঘাট অঞ্চলৰ পৰা হাজিৰা কামৰ সূত্রে শ’লমাৰী অঞ্চলত থিতাপি লৈছিল৷ প্রায় ১০ দিন পূর্বে স্থানীয় এখন বিদ্যালয়ত নামভর্তি কৰি দিয়া হৈছিল শিশুটিক৷ কালি শিশুটিয়ে পুৱা বিদ্যালয়লৈ বুলি ওলাই যায় যদিও তাৰ পাছতে নিৰুদ্দেশ হৈ পৰে৷ পৰিয়ালে শিশুটিৰ সন্ধানত বিভিন্ন স্থানত বিচাৰ–খোঁচাৰ কৰিবলৈ আৰম্ভ কৰে যদিও সন্ধান উলিওৱাত ব্যর্থ হয়৷ বিয়লি প্রায় ৩ বজাত স্থানীয় এগৰাকী ব্যক্তিয়ে কৰৈআটী অঞ্চলৰ এখন জাৰণিতে বিদ্যালয়ৰ ইউনিফর্ম পৰি থকা বুলি পিতৃক খবৰ দিয়ে৷ তাৰ পাছতে শিশুটিৰ পিতৃয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু পোছাকযোৰ পৰি থকা স্থানৰ পৰা ১০ মিটাৰ দূৰত শিশুটিৰ ক্ষত–বিক্ষত মৃতদেহ উলংগ অৱস্থাত উদ্ধাৰ হয়৷

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে মৰিগাঁও সদৰ থানাৰ পৰিদর্শক নেত্রকমল শইকীয়া আৰু উপ–আৰক্ষী অধীক্ষক লুইত তালুকদাৰ ঘটনাস্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত তদন্ত আৰম্ভ কৰে৷ কিশোৰীগৰাকীৰ নৃশংস হত্যাকাণ্ডই জাতি–ধর্ম নির্বিশেষে উপস্থিত শতাধিক লোকৰ চকু সেমেকাই তোলে৷

আনহাতে, কিশোৰীগৰাকীৰ পেটত চোকা অস্ত্রৰে হানি–খুঁচি আক্রমণ কৰাৰ লগতে এখন হাত ভাঙি পেলোৱা হৈছিল৷ সর্বশৰীৰত প্রচণ্ড আঘাতৰ চিন স্পষ্ট হৈ থকা কণমানিজনীক ধর্ষণ কৰি হত্যাৰ সন্দেহ ব্যক্ত কৰিছে উপ–আৰক্ষী অধীক্ষক লুইত তালুকদাৰে৷ আনহাতে, উক্ত ঘটনাটো দিনৰ পোহৰতে কিদৰে সংঘটিত হ’ল, তাক লৈ উদ্বেগ সৃষ্টি হৈছে৷

You might also like