নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত “ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০” ৰূপায়ন আৰু প্ৰত্যাহ্বান শীর্ষক কৰ্মশালা

নিয়মীয়া বাৰ্তাঃ ২৩ জুলাই : মৰিগাঁও জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলা উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ মঞ্চৰ উদ্যোগত “ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০” ৰূপায়ন আৰু প্ৰত্যাহ্বান শীর্ষক এখনি কৰ্মশালা অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি ১০ বজাত প্ৰয়াত অধ্যক্ষ ৰমেশ চন্দ্ৰ বৰা দেৱৰ প্ৰতিচ্ছবিত মাল্যাপন কৰে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জোনাৰানি ভাগৱতীয়ে। বন্তি প্ৰজ্বলন কৰে ৰঞ্জিত বৰাই। ১১ বজাত কৰ্মশালাখনিৰ শুভ উদ্বোধন কৰে মৰিগাঁও জিলা বিদ্যালয় সমুহৰ পৰিদর্শক ড৹ বুলি গগৈ ভূঞাই। মুখ্য আলোচক হিচাপে উপস্থিত থাকে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ভবেন নেওগ, শিৱসাগৰ জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ।
আনহাতে এই অনুষ্ঠানত জিলাখনৰ হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক অনিল চন্দ্ৰ নাথ, মাধ্যমিক শিক্ষক সন্থাৰ সম্পাদক পৰেশ কুমাৰ নাথ, বিষয় শিক্ষক সন্থাৰ সম্পাদক লাহেশ্বৰ বৰদলৈ, মধ্য ইংৰাজী শিক্ষক সন্থাৰ সম্পাদক সৎৰাম বৰদলৈ, প্ৰাথমিক শিক্ষক সন্থাৰ সম্পাদক ৰুবুল মেধি লগতে জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ- অধ্যক্ষা আৰু শতাধিক বিষয় শিক্ষক-শিক্ষয়িত্রী উপস্থিত থাকে। উল্লেখযোগ্য যে শিক্ষা বিভাগৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ওপৰত বিশদভাৱে আলোচনা কৰা হয় আৰু এই ৰাষ্ট্ৰীয় শিক্ষা নীতি অসমত ৰূপায়ণৰ ক্ষেত্ৰত আহিবলগীয়া সমস্যা সমূহৰ বিষয়ে আলোচনা কৰা হয়। আনহাতে কৰ্মশালা খনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায় সহযোগিতা আগবঢ়াই জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জোনাৰানী ভাগৱতীয়ে।

প্ৰেৰকঃ মানস নাথ, বাৰপূজীয়া

You might also like