মৰিয়নিত অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সজাগতা অনুষ্ঠান আৰু প্ৰদৰ্শনী
নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ অগ্নি আৰু জৰুৰীকালীন সেৱাৰ মৰিয়নি কেন্দ্ৰৰ উদ্যোগত সেৱা কেন্দ্ৰটোৰ কৰ্মীসকলে মৰিয়নি নগৰৰ লগতে দাঁতি কাষৰীয়া একাধিক অঞ্চলত সজাগতা মূলক অনুশীলন প্ৰদৰ্শন কৰি আহিছে । তাৰেই এক অংশ হিচাপে আজি মৰিয়নিৰ নাগাজাংকাত অৱস্থিত সামুহিক স্বাস্থ্য কেন্দ্ৰত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে এক বিভিন্ন কৌশল প্ৰদৰ্শন কৰে । অগ্নি আৰু জৰুৰীকালীন সেৱাৰ মৰিয়নি কেন্দ্ৰৰ কৰ্মীসকলে অগ্নিকাণ্ডৰ সময়ত আৰু প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত ল’ব লগা সাৱধানতাৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱাৰ ওপৰিও সেয়া প্ৰদৰ্শন কৰি দেখুৱায় । তেওঁলোকে অগ্নি প্ৰতিৰোধ সম্পৰ্কেও বিভিন্ন দিশ প্ৰদৰ্শন কৰে । দুৰ্য্যোগৰ সময়ত কিদৰে নিজৰ লগতে আনকো উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰিব পাৰি তাৰ ওপৰতো কৰ্মীসকলৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰাৰ লগতে তাৰ ব্যাখ্যাও আগবঢ়ায় ।
প্ৰাকৃতিক দুৰ্য্যোগ অথবা জৰুৰীকালীন সময়ত ভয় খোৱাৰ পৰিৱৰ্তে কিদৰে দৃঢ়তাৰে তাৰ মোকাবিলা কৰিব পাৰি তাৰ ওপৰতো ব্যাখ্যা আগবঢ়ায় । গেছ চিলিণ্ডাৰত অগ্নিকাণ্ড সংঘটিত হ’লে কিদৰে তাক প্ৰতিৰোধ কৰিব পৰা যায় তাৰ ওপৰতো কৌশল প্ৰদৰ্শন কৰাৰ লগতে বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়ায় অগ্নি আৰু জৰুৰীকালীন সেৱা কৰ্মীসকলে । অগ্নি আৰু জৰুৰীকালীন সেৱাৰ মৰিয়নি কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া কলম বড়োৰ নেতৃত্বত এই সজাগতামূলক প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানটোত নাগাজাংকা সামুহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়াৰ লগতে চিকিৎসা আৰু স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে ।