নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি জাতীয় বিদ্যাপীঠৰ উদ্যোগত ‘বহাগৰ বতৰত ৰঙৰ এদিন’

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ অসমীয়া ভাষা শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান মৰিয়নি জাতীয় বিদ্যাপীঠৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে ‘ব’হাগৰ বতৰত ৰঙৰ এদিন’ শীৰ্ষক এক মনোগ্ৰাহী অনুষ্ঠানৰ আয়োজন কৰা হয় । ব’হাগ বিহুৰ পৰম্পৰা ৰক্ষা কৰি শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই আয়োজন কৰা এই সাংস্কৃতিক কাৰ্য্যসূচীৰ পুৱা বন্তি প্ৰজ্বলন কৰে ৰে’লৱে প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা ধৰ্মপ্ৰাণ ব্যক্তি নগেন দাসে । পতাকা উত্তোলন কৰে জ্যেষ্ঠ ব্যক্তি গোলাপ চেতিয়াই । আনহাতে, বিহু বাকৰি উন্মোচন কৰে শিক্ষাবিদ, সমাজকৰ্মী, তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বিমান বৰবৰাই । বিশিষ্ট শিল্পী তৰুণ শইকীয়া আৰু সংগীত প্ৰশিক্ষিকা, শিল্পী দুলুমনি মালাকাৰ হাতীবৰুৱাই পৰিবেশন কৰা গীতেৰে কাৰ্য্যসূচী মুকলি কৰা হয় ।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জাতীয় বিদ্যাপীঠৰ এনে কাৰ্য্যৰ শলাগ লয় । তেওঁ কয়- ‘বিহুৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত সমন্বয় স্থাপন কৰে । তাৰোপৰি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াতো বিহুৱে সদায়েই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । এই বিহুক আমি কেৱল দেশৰেই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ যাব লাগিব । তাৰ বাবে নতুন প্ৰজন্মই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব লাগিব বুলিও লগতে মন্তব্য কৰে ।’ এই অনুষ্ঠানত মৰিয়নিৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয় । সেইসকলৰ ভিতৰত বয়োজ্যেষ্ঠ ব্যক্তি, প্ৰবীন শিল্পী ৰত্নেশ্বৰ মালাকাৰ, মৰিয়নিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূদ্ৰ গগৈ, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যাপক ক্ষীৰোদ ডেকা, সমাজকৰ্মী হেমকান্ত বুঢ়াগোঁ‌হাই, কৃতী শিক্ষক- প্ৰবীন বিহুৱা শিল্পী নগেন গগৈ, মৰিয়নি ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দত্ত, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগাঠানিক সম্পাদক পবিত্ৰ প্ৰাণ বৰঠাকুৰ, মৰিয়নি আঞ্চলিক সমিতিৰ সম্পাদক নবীন সন্দিকৈ, বাঁ‌হনী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, সাংস্কৃতিক কৰ্মী অৰূপ চেতিয়া ( সুৰেন ), সংবাদকৰ্মী দীপক দত্ত ( জোন ), শিক্ষক অজিত বৰা, প্ৰবীন শিল্পী মইনুল ইছলাম, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মূখ্য সাংগাঠানিক সম্পাদক অনন্ত বৰঠাকুৰ, সমাজকৰ্মী অৰুণ বেৰীয়া, ৰাজকুমাৰ শৰ্মা, এসময়ৰ বৰবিহুৱতী জ্ঞানশ্ৰী বৰুৱা, মৰিয়নি ই মেডিয়া সন্থাৰ সভাপতি- প্ৰাক্তন ছাত্ৰ নেতা চক্ৰসেন গগৈ, শিক্ষক চহন কানু আদি কেবাজনো ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । শিক্ষয়িত্ৰী অনুশ্ৰী গোহাঁইবৰুৱা আৰু অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ – ছাত্ৰীসকলে বিহু নাচ পৰিবেশন কৰি মুগ্ধ কৰে ।

আনহাতে, অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু একাংশ অভিভাৱকেও বিহু নাচ পৰিবেশন কৰে । তাৰোপৰি প্ৰাক্তন ছাত্ৰীসকলেও বিহু নাচৰ লগতে সাতভনী নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । অসমৰ আগশাৰীৰ বিহুদল জাংফাই বিহু হুঁ‌চৰি দলৰ বিহু প্ৰদৰ্শন আছিল অন্যতম আকৰ্ষণীয় অনুষ্ঠান । শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলে জাতীয় সাজপাৰ পিন্ধি অহাৰ লগতে অতিথি বৃন্দৰ সকলোকে পিঠা পনা আৰু জা- জলপানেৰে আপ্যায়ন কৰাতো আছিল অন্যতম উল্লেখনীয় দিশ । মনোগ্ৰাহী অনুষ্ঠানটোত প্ৰাক্তন ছাত্ৰী প্ৰিয়াংকী হাজৰিকা, বাগ্মিতা হাতীবৰুৱাৰ গীত পৰিবেশন, আস্থা গোহাঁইবৰুৱাৰ বিহু নাচ প্ৰদৰ্শনৰ লগতে কণমানি ছাত্ৰ সৌৰভ শইকীয়াই পৰিবেশন কৰা গীতাৰ বাদনে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । মৰিয়নি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, সাংস্কৃতিক কৰ্মী ৰঞ্জিত গোহাঁইবৰুৱাই নতুন প্ৰজন্মৰ মাজত বিহু কেনেদৰে উদযাপন কৰা হয় তাৰ সৈতে চিনাকি কৰাই দিয়াটোৱেই এনে অনুষ্ঠানৰ মূল উদ্দেশ্য বুলি উল্লেখ কৰে । তাৰোপৰি বিদ্যালয়খনত অধ্যয়ন কৰা বিভিন্ন ভাষা ভাষী, জাতি জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমন্বয় স্থাপনৰ বাবেও এই অনুষ্ঠানৰ আয়োজন কৰা বুলি তেওঁ লগতে জানিবলৈ দিয়ে ।

You might also like