নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱতীৰ অশ্লীল ফটো ভাইৰেল ভণ্ড প্ৰেমিকৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ কোকৰাঝাৰৰ কাশীপাৰাৰ তৌফিক ৰহমান নামৰ এজন যুৱকে এগৰাকী যুৱতীক প্ৰেমৰ জালত বন্দী কৰি পিছত অন্তৰংগ মুহূৰ্তৰৰ ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কাশীপাৰাৰ তৌফিকে প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলে । পাছত যুৱতীৰ সৈতে থকা অন্তৰংগ মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে । উল্লেখ্য যে পূৰ্বেও তৌফিক এনে অসামাজিক কাৰ্যত লিপ্ত হৈ ৰঙাঘৰৰ আলহী হৈছিল । ইপিনে এই ঘটনাৰ পাছতে সমগ্ৰ কোকৰাঝাৰতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শীঘ্ৰে যুৱকজনক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

You might also like