নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপা থানাত আইন সম্পৰ্কে সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানা প্ৰাঙ্গণত আজি দিনৰ ১০:৩০ বজাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ সম্পৰ্কে এখনি সজাগতা সভা অনুষ্ঠিত হয় । বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগ আৰু যোগীঘোপা থানাৰ সহযোগত এই সজাগতা সভা অনুষ্ঠিত হয় । বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তৰুন দেৰ সঞ্চালনাত অনুষ্ঠিত সজাগতা সভাত জ্যেষ্ঠ অধিবক্তাদ্বয় ক্ৰমে যতীশ চন্দ্ৰ শৰ্মা আৰু ৰফিজ উদ্দিনে উপস্থিত থাকি বাল্য বিবাহ, মটৰ চাইকেল দুৰ্ঘটনা ৰোধ আৰু মটৰ চাইকেল আইনৰ লগতে বিভিন্ন আইন সম্পৰ্কে বক্তব্য আগবঢ়ায়। জিলা আইন সেৱা প্ৰাধিকৰণৰ জ্যেষ্ঠ সহায়ক নিবাৰন বৰ্মনে আঁতধৰা অনুষ্ঠানটোত অংশগ্ৰহণ কৰা অধিবক্তা সকলে সাধাৰণ নাগৰিকক আইন সাহায্য কিদৰে প্ৰদান কৰা হয় আৰু আইনৰ বিভিন্ন দিশ সম্পৰ্কে সভাত বিস্তৃতভাৱে আলোচনা কৰা হয় । সভাত জ্যেষ্ঠ অধিবক্তা যতীশ চন্দ্ৰ শৰ্মাই গীত গাই আইন সম্পৰ্কে সজাগতা সৃষ্টি কৰে। । উক্ত সভাত উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া নিতুমনি দাস ,যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাহুল দেউৰী, মানকাচৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° আবেদ আলী উপস্থিত থাকি আইন সম্পৰ্কে ভাষণ আগবঢ়ায় । উক্ত সভাত যোগীঘোপা থানাৰ অধীনস্থ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

input: টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like