নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত পুনৰ ‘পচা’ৰ সন্ত্রাস

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ যোৰহাট চহৰৰ মাজৰ হৰিজন কলনীত সোমবাৰে পুনৰ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি৷ হৰিজন কলনীৰ অসাধু ব্যৱসায়ী তথা জুৱা মাফিয়া পচা বাচফৰক লৈ আজি সৃষ্টি হয় অপ্রীতিকৰ পৰিৱেশ৷ কিছুদিন পূর্বে ৰঙাঘৰৰ পৰা জামিনত মুক্তি লাভ কৰি অহা পচা নামৰ কুখ্যাত অপৰাধীটোৱে আহিয়েই নিজৰ বাসগৃহত পুনৰ জুৱাৰ আড্ডা আৰম্ভ কৰে৷ এই কার্যত অতিষ্ঠ হৈ কালি স্থানীয় ৰাইজে পুনৰ পচাৰ ঘৰত গৈ অসামাজিক কাম বন্ধ কৰাৰ দাবী জনায়৷ এই ঘটনাত এগৰাকী স্থানীয় মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰে পচা আৰু পচাৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে৷ ইয়াৰ পাছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ পচাৰ ঘৰ ঘেৰাও কৰাৰ লগতে পচাক দৃষ্টান্তমূলক শাস্তি প্রদানৰ দাবীত উত্তাল হৈ পৰে হৰিজন কলনী৷

ইফালে ঘটনা সন্দর্ভত যোৰহাট আৰক্ষী থানাত খবৰ দিয়া পাছতে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰে৷ আৰক্ষী উপস্থিত হোৱাৰ পাছতে পচাক গ্রেপ্তাৰৰ দাবীত উত্তাল প্রতিবাদত নামে হৰিজন কলনীৰ কেইবাশ লোক৷ স্থানীয় ৰাইজৰ হেঁচাত যোৰহাট আৰক্ষীয়ে কুখ্যাত পচাৰ লগতে আন কেইবাজনো জুৱাৰীক আটক কৰি থানালৈ আনে৷ উল্লেখ্য যে পচাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ বাতৰি পৰিৱেশন কৰা বাবেই কিছুদিন পূর্বে যোৰহাটৰ এজন জ্যেষ্ঠ সাংবাদিকৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ এজন বিষয়াই ভুৱা গোচৰ ৰুজু কৰিছিল৷

পচাই ড্রাগ্ছৰ ব্যৱসায় চলাই আহিছে বুলি স্থানীয় ৰাইজে আৰক্ষীক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো যোৰহাট আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ ইয়াৰ পূর্বে পচাৰ ঘৰত নাবালিকা বন্দী কৰি ৰখা বুলি আৰক্ষীক অভিযোগ দিয়াৰ লগতে বাৰম্বাৰ আৰক্ষীক পচাৰ ঘৰত অভিযান চলাবলৈ অনুৰোধ জনোৱাৰ পিছতো আৰক্ষীয়ে ঘৰটোত তালাচী চলোৱাৰ সাহস গোটাব পৰা নাছিল৷ পৰৱর্তী সময়ত পচাৰ ঘৰৰ পৰা নাবালিকা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সষ্টি কৰিছিল৷ আজিও ৰাইজৰ হেঁচাত পচাৰ ঘৰত তালাচী চলোৱাৰ পিছত উদ্ধাৰ হয় বহু পৰিমাণৰ জুৱাত ব্যৱহূত সামগ্রী৷

You might also like