নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইনৰ ৰক্ষকেই যেতিয়া অপৰাধী হয়ঃ আৰক্ষীৰ ৫২৬ বিষয়া–জোৱানৰ বিৰুদ্ধে গোচৰ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ আইনৰ ৰক্ষক হৈও অসম আৰক্ষীৰ একাংশ বিষয়া–জোৱানে বিভিন্ন অপৰাধমূলক কার্যত লিপ্ত হৈ আহিছে৷ এনেধৰণৰ কর্মকাণ্ডৰে অসম আৰক্ষীৰ গৰিমাত কালিমা সনা ৫২৬জন ভিন ভিন পর্যায়ৰ বিষয়া–জোৱানৰ বিৰুদ্ধে ৰুজু–পঞ্জীয়ন হৈ আছে গোচৰ৷ সোমবাৰে বিধায়ক বিদ্যাছিং ইংলেঙৰ এক প্রশ্ণৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনৰ মজিয়াত এই সম্পর্কীয় বিশদ তথ্য সদৰী কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই দিয়া তথ্য অনুসৰি অসম আৰক্ষীৰ এই ৫২৬ বিষয়া–জোৱানৰ ভিতৰত আছে ১১জন ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) আৰু ২৫জন অসম আৰক্ষী সেৱা (এ পি এছ)ৰ বিষয়া৷ অপৰাধৰ গোচৰ থকা আই পি এছ বিষয়াসকল হ’ল– সম্প্রতি নিলম্বিত আৰক্ষী উপ–মহাপৰিদর্শক ৰৌণক আলী হাজৰিকা, অতিৰিক্ত সঞ্চালকপ্রধানৰ বিশেষ কর্তব্যৰত বিষয়া বিনয় কুমাৰ মিশ্র, মধ্য মণ্ডলৰ উপ–মহাপৰিদর্শক সত্যজিৎ হাজৰিকা, ইতিমধ্যে অৱসৰপ্রাপ্ত মৃদুল দত্ত, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন, শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছন, ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাৰ আৰক্ষী অধীক্ষক হিচাপে নতুন দিল্লীত কর্মৰত শংকৰব্রত ৰায়মেধি, আন্তঃকেডাৰ ডেপুটেচনত ছিকিমত কর্মৰত ৱাই টি গ্যাটছ’, পূব মণ্ডলৰ উপ–মহাপৰিদর্শক মৃদুলানন্দ শর্মা আৰু কাছাৰৰ কাথালস্থিত ষষ্ঠ অসম আৰক্ষী বাহিনীৰ অধিনায়ক ড০ এন ৰাজামাৰথানন্দন৷

সেইদৰে গোচৰৰ বাবে আইনী মেৰপেঁচত সোমাই থকা এ পি এছ বিষয়াসকলৰ ভিতৰত অঞ্জন বৰা, কুমাৰ সঞ্জীত কৃষ্ণ আৰু যতীন চন্দ্র দাস সম্প্রতি নিলম্বিত হৈ আছে৷ বাকী এ পি এছ বিষয়াসকল হৈছে– হামৰেণৰ অতিৰিক্ত আয়ুক্ত (সদৰ) বলীন দেউৰী, ২৩নং এ পি (আই আৰ) বেটেলিয়নৰ অধিনায়ক বিক্রম গগৈ, মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা উপ–আৰক্ষী অধীক্ষক সূর্যকান্ত মৰাং, সহকাৰী আৰক্ষী মহাপৰিদর্শক (প্রশিক্ষণ) ৰণদীপ কুমাৰ বৰুৱা, ইতিমধ্যে চাকৰিৰ পৰা বর্খাস্ত হোৱা এইচ কে মেধি, কোকৰাঝাৰত বিশেষ শাখাৰ উপ–আৰক্ষী অধীক্ষক পদত কর্মৰত ভাস্কৰ ওজা, গুৱাহাটীৰ উপ–আৰক্ষী আয়ুক্ত (প্রশাসন) হেমন্ত কুমাৰ দাস, মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা, ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক (এফ আৰ আৰ অ’) পংকজ শর্মা, সহকাৰী আৰক্ষী মহাপৰিদর্শক (আৰ) কৃষ্ণ দাস, অষ্টম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক শিৱ কুমাৰ ৰয়, একাদশ আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক অমৃত হোজাই, ২৬নং এ পি (আই আৰ) বেটেলিয়নৰ উপ–ধিনায়ক জ্যোতিৰঞ্জন নাথ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক (সীমান্ত) পংকজ কুমাৰ কাকতি, মান্দাকাটাস্থিত কমাণ্ডো বেটেলিয়নৰ উপ–ধিনায়ক আনন্দ টকবি, আৰক্ষী অধীক্ষক (সীমান্ত) ঘনকান্ত হাজৰিকা, ১৬নং এ পি আই আৰ বেটেলিয়নৰ অধিনায়ক অর্ণৱ ডেকা, কামৰূপৰ আৰক্ষী অধীক্ষক হিতেশ ৰয়, নৱম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক হেমেন দাস, দ্বাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক প্রণৱজ্যোতি গোস্বামী, এছ এণ্ড আই ধুবুৰীৰ উপ–আৰক্ষী অধীক্ষক দীপাংকৰ দত্ত লহকৰ আৰু ২২নং এ পি আই আৰ বেটেলিয়নৰ তদানীন্তন অধিনায়ক তৰুণ বড়ো৷ গোচৰ ৰুজু–পঞ্জীভুক্ত হৈ থকা বাকী বিষয়াসকল পৰিদর্শক, উপ–পৰিদর্শক আৰু সহকাৰী উপ–পৰিদর্শক পদমর্যাদাৰ৷

এইসকল বিষয়াৰ সৈতে যথেষ্টসংখ্যক জোৱানৰ বিৰুদ্ধেও খোদ অসম আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিবলগীয়া হৈছে৷ এই গোচৰসমূহ সম্প্রতি বিভিন্ন পর্যায়ত আছে৷ মন কৰিবলগীয়া যে নিৰীক্ষণ আৰু দুর্নীতি প্রতিৰোধ সঞ্চালকালয় বর্তমানলৈকে অসম আৰক্ষীৰ ৫২জন বিষয়া–জোৱানৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ৷ এইসকলৰ ভিতৰত মুঠ ৩১জনৰ বিৰুদ্ধে তদন্ত প্রক্রিয়া চলি থকাৰ বিপৰীতে ১৩জনৰ ক্ষেত্রত বিশেষ আদালতত অভিযোগনামা দাখিল কৰা হৈছে আৰু সাতজনৰ বিৰুদ্ধে দিয়া হৈছে চূড়ান্ত প্রতিবেদন৷ তদুপৰি এজনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ে তদন্ত প্রক্রিয়া স্থগিত ৰাখিছে৷ সেইদৰে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অধীনত অসম আৰক্ষীৰ ৯৫জন বিষয়া–জোৱানৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে৷ বাকীসকলৰ গোচৰসমূহ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু বিভিন্ন জিলাত ৰুজু কৰা হৈছে৷

You might also like