নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ উপায়ুক্তৰ কার্যালয়ত দুর্নীতি

নিয়মীয়া বার্তা,৩০ ডিচেম্বৰঃ যোৰহাটৰ উপায়ুক্ত কার্যালয়ত সংঘটিত এক বৃহৎ কেলেংকাৰিয়ে তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে জিলাখনত৷ উপায়ুক্ত কার্যালয়ৰে দীপক বৰা নামৰ এজন নিলম্বিত কর্মচাৰীয়ে জাল চহীৰে চি আই ডি এফ ফাণ্ডৰ প্রায় ৫০ লাখ টকা কৌশলেৰে আত্মসাৎ কৰি সম্প্রতি আত্মগোপন কৰা বুলি জানিব পৰা গৈছে৷

ইয়াৰ পৰিপ্রেক্ষিতত নিলম্বিত কর্মচাৰীজনৰ বিৰুদ্ধে যোৰহাটৰ উপায়ুক্তই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে৷ জানিব পৰা মতে, যোৰহাট জিলা উপায়ুক্ত কার্যালয়ৰ দীপক বৰা নামৰ নিলম্বিত কর্মচাৰীজনে চিটী ইনফ্রাষ্ট্রাকচাৰ ডেভেলপমেণ্ট ফাণ্ড, চমুকৈ চি আই ডি এফৰ পৰা জিলা উপায়ুক্ত আৰু ফাইনেন্স এণ্ড একাউণ্ট অফিচাৰৰ চহী জাল কৰি কেইবাখনো চেকৰ জৰিয়তে চেণ্ড্রেল বেংক অৱ ইণ্ডিয়াৰ যোৰহাট শাখাৰ পৰা প্রায় ৫০ লাখ টকা হৰলুকী কৰে৷

শেহতীয়াকৈ এই সমগ্র বিষয়টো জিলা উপায়ুক্ত ৰস্নি অপৰাঞ্জেয় কৰোতিৰ অৱগত হোৱাত স্বয়ং জিলা উপায়ুক্তগৰাকীয়ে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে৷

ইতিমধ্যে এই ঘটনা সন্দর্ভত ৩৬২০ নম্বৰত এটা গোচৰ ৰুজু হৈছে৷ দীপক বৰা নামৰ নিলম্বিত কর্মচাৰীজনে সম্প্রতি আত্মগোপন কৰা বুলি জানিব পৰা গৈছে৷ এই বৃহৎ কেলেংকাৰিৰ নায়ক দীপক বৰা নামৰ নিলম্বিত উপায়ুক্ত কার্যালয়ৰ কর্মচাৰীজনেই বুলি আৰক্ষী নিশ্চিত হৈছে৷ কিয়নো বিগত ১৯ ফেব্রুৱাৰীত যোৰহাট জিলা উপায়ুক্ত কার্যালয়ৰ উন্নয়ন শাখাত এক অগ্ণিকাণ্ড সংঘটিত হৈছিল৷ যিটো শাখাত অগ্ণিকাণ্ড সংঘটিত হৈছিল, সেই অগ্ণিকাণ্ডৰ ঘটনাই ৰহস্য সৃষ্টি কৰিছিল৷

অগ্ণিকাণ্ডত যোৰহাট জিলা উন্নয়নৰ হিচাপ–পত্রৰ লগতে কেইবাটাও গুৰুত্বপূর্ণ ফাইল, নথি–পত্রৰ আৰু কম্পিউটাৰ জ্বলি ছাই হৈ গৈছিল৷ কিন্তু ৰহস্যজনকভাৱে কোঠাৰ এখন পর্দা আৰু দুৱাৰ–খিৰিকীতো জুয়ে স্পর্শ কৰিব পৰা নাছিল৷

এই অগ্ণিকাণ্ড ঘটনাৰ প্রাইম ছাছপেক্ট হিচাপে আছিল দীপক বৰা নামৰ কর্মচাৰীজন৷ ইয়াৰ পাছত বিগত জুলাই মাহৰ পৰাই নিলম্বিত হৈ আছিল দীপক বৰা৷ গুৰুত্বপূর্ণ কথা যে এগৰাকী নিলম্বিত কর্মচাৰীৰ হাতত কেনেদৰে চৰকাৰী চেক আহিল? ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ তদুপৰি যেতিয়া এনে ধৰণৰ বৃহৎ ধনৰাশি কোনো লোকক দিয়া হয়, তেতিয়া বেংক কর্তৃপক্ষই টকা দিয়াৰ আগতে একাউণ্ট হল্ডাৰক অৱগত কৰে৷ কিন্তু কেনেদৰে বেংক কর্তৃপক্ষই এই বৃহৎ পৰিমাণৰ ধন দীপক বৰাক মোকলাই দিলে, সেয়াও এতিয়া এক সাঁথৰ হৈ ৰৈছে৷

ইফালে আৰক্ষীয়ে সমগ্র ঘটনা চালি–জাৰি চাই তীব্র অনুসন্ধান অব্যাহত ৰাখিছে৷ দীপক বৰাৰ লগত এই কেলেংকাৰিত আন লোকো জড়িত থকাৰ সন্দেহ প্রকাশ কৰিছে যোৰহাট আৰক্ষীয়ে৷

You might also like