নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত ক্ষতিৰ সন্মুখীন কৃষকঃ ৰাজ্যৰ মুঠ ৫ লাখ কৃষকক প্ৰদান কৰা হ’ব ২৫০০ টকাকৈ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ দেশৰ লগতে ৰাজ্যতো ভয়াৱহ ৰূপ লোৱা কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বলবৎ থকা লকডাউনৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষক ৰাইজ ।

এক সংবাদমেলত কৃষিমন্ত্ৰী অতুল বৰাই কয়- কৃষক ৰাইজৰ সুবিধাৰ বাবে চৰকাৰে কিছু ৰেহাইৰ ব্যৱস্থা কৰিছে । বিশেষকৈ কেঁচা শাক পাচলি বিতৰণৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে যাতে সহজে শাক-পাচলি ক্ৰয় কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে ৰাজ্যৰ ১৬ জিলাত যোৱা কেইদিনত ৩,৫৭১ মেট্ৰিকটন পাচলি নষ্ট হৈছে ।পৰিস্থিতিৰ সৈতে জোৰা মাৰিবলৈ কৃষকসকলক বীজ যোগান ধৰা হ’ব ।

ইফালে কৃষি মন্ত্ৰীগৰাকীয়ে এই কথাও উল্লেখ কৰে যে লকডাউনত কৃষকসকলৰ যি ক্ষতি হ’ল তাৰ পৰিত্ৰাণ ৰূপে ইতিমধ্যে ৪ কোটি ৭০ লাখ টকা মোকলাই দিয়া হৈছে ।মুঠ ৫ লাখ কৃষকক প্ৰদান কৰা হ’ব ২৫০০ টকাকৈ ।

You might also like