লখিমপুৰত মদ-ভাঙৰ গোপন বেহা, হোম ডেলিভাৰী
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ যিসময়ত ক’ৰোনা ভাইৰাছে মানৱ সভ্যতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে, সকলো উদ্বিগ্ন হৈ পৰিছে, তেনে সময়ত একাংশ লোকে নীতি-নিয়ম বিসৰ্জন দি দুপইচা মুনাফাৰ লক্ষ্যৰে এই সংকটক ঘনীভূত কৰি তুলিছে । লখিমপুৰত এই দৃশ্য সূলভ হৈ পৰিছে ।
জিলাখনৰ বহুতেই ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনলৈ চৰকাৰক সহায়ৰ হাত আগবঢ়োৱাৰ বিপৰীতে একাংশই চৰম নিৰ্বুদ্ধিতাৰ পৰিচয় দিয়ে । পাণ এগুচিৰ দাম ৬০ টকা পৰ্যন্ত হৈছেগৈ । কেৱল এয়াই নহয় মদ, ভাং আদিৰ গোপন বেহাও চলিব ধৰিছে ।
চৰকাৰৰ নিৰ্দেশত মদৰ দোকান, বাৰ আদি আপাতঃ দৃষ্টিত বন্ধ যদিও খাদ্য সামগ্ৰী যোগানৰ নামত একাংশ দোকানত মদৰ বেহা চলাৰ অভিযোগ উঠিছে । লগতে এনে পৰিস্থিতিত একাংশই মদৰ হোম ডেলিভাৰী পৰ্যন্ত দিছে । সচেতন ৰাইজে এনে লোকৰ বিৰুদ্ধে আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে ।