লাহৰীঘাটত পুনৰ ৫ জুৱাৰী আটক; ৬১ হাজাৰ টকা জব্দ
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰী: লাহৰীঘাটত আৰক্ষীৰ জুৱাৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আজি পুৱা ৭ জুৱাৰী আটক কৰাৰ পিছত আজি পুনৰ সন্ধিয়া ৫ জুৱাৰীক লাহৰীঘাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। । লাহৰীঘাট থানাৰ অন্তৰ্গত চেনীমাৰী নদীৰ পাৰঘাটত যোৱা নিশা আৰক্ষীয়ে চলাই অভিযান । লাহৰীঘাট আৰক্ষীৰ এটি দলে চেনীমাৰী নদীপাৰ ঘাটত দীৰ্ঘদিনৰে পৰা চলি অহা এটা জুৱাৰ ঘাটিত অভিযান চলাই ঘাটিতো উৎখাত কৰিবলৈ সক্ষম হয়।অভিযানকালত লাহৰীঘাট আৰক্ষীয়ে ৫জনকৈ জুৱাৰীক খেলি থকা অৱস্থাত হাতেলোটে আটক কৰে ।আটকাধীন ধৃতলোক কেইজন ক্ৰমে– জিয়াবুৰ ৰহমান(৩০),আজিবুৰ ৰহমান(৩২),ছহিদুল ইছলাম(৫৯),ৰফিকুল ইছলাম(২৮),কাছেম আলী(৩৮)।আৰক্ষীয়ে নগদধন ৬১হাজাৰ টকা,তাজবাণ্ডিল সহ খেলত ব্যৱহ্নত সা-সামগ্ৰী জব্দ কৰে ।বৰ্তমানক আটাইকেইজন লোকক অধিক তথ্যৰ বাবে লাহৰীঘাট আৰক্ষীৰ জিম্মাত সোধ:পোছ অব্যাহত ৰাখিছে ।