লুইতৰ বুকুত বিলীন হোৱাৰ দিশে চতিয়াৰ ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়
মথাউৰিৰ কাষতে পাঠদান কৰা হৈছে ছাত্ৰছাত্ৰীক৷
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ চতিয়াৰ দক্ষিণাঞ্চলৰ ভোজমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় বৰ্তমান লুইতৰ বুকুত বিলীন হোৱাৰ দিশে৷১৯২৯ চনতে স্হাপিত হোৱা বিদ্যালয় খনি সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত পৰিছে৷ তিনিদিন পূৰ্বেৰ পৰা মহাবাহুৱে ব্যাপকৰূপে কৰা গৰাহনীয়াৰ কৱলত বিদ্যালয় খনিৰ এটি শ্ৰেনী কোঠা ইতিমধ্যেই লুইতৰ বুকুত জাহ গৈছে৷ উপায়ন্তৰ হৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকে শিক্ষাবিভাগৰ অনুমতি লৈ স্হানীয় ৰাইজৰ সহযোগত বিদ্যালয়ৰ বাকী থকা শ্ৰেনী কোঠা আৰু অফিচৰূমৰ টিনপাত খুলি আচবাব সহিতে নিৰাপদ স্হানলৈ স্হানান্তৰ কৰিছে৷ চাৰিওপিনে লুইতৰ পানীয়ে আবৰি ৰখা বিদ্যালয় খনলৈ যাবলৈ এতিয়া ব্যৱহাৰ কৰিব লগীয়া হৈছে টুলুঙা নাও৷অনহাতে ৭২ জন ছাত্ৰছাত্ৰী থকা বিদ্যালয় খনৰ পাঠদান এতিয়া মথাউৰিত থকা মছজিদৰ মোক্তাব ঘৰ এটাত কৰা হৈছে৷ অবশ্যে স্হানীয় এজন সদাশয় ব্যক্তিয়ে বিদ্যালয় খনৰ বাবে এক বিঘা মাটি দান কৰাৰ কথা অৱগত কৰিছে৷লগতে প্ৰধান শিক্ষকে জানিব দিয়া মতে চৰকাৰী অনুদান লাভ কৰিলে উক্ত মাটিত নতুনকৈ বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰা হ’ব৷