নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওবৈচাত বান পৰিস্থিতি অপৰিবৰ্তিত: অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত দিশহাৰা বানাক্ৰান্ত ৰাইজ

গোসাঁনীবাৰী-গেলাহাটী-চেঙেলীজান গাঁৱত অধিক জটিল পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ চতুৰ্থ  দিনাও নাওবৈচাত শিঙৰা নদীৰ বান পৰিস্থিতি অপৰিবৰ্তিত। শিঙৰা নদীৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপত থকা উন্মুক্ত মথাউৰি অংশৰে অহৰহ নদীখনৰ বাঢ়নী পানী সোমাই অহাৰ ফলত চতুৰ্থ দিনাও দক্ষিণ নাওবৈচাৰ বান পৰিস্থিতি অপৰিবৰ্তিত হৈয়ে আছে। নাওবৈচাৰ ৰাজহ চক্ৰৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ৩০খনতকৈ অধিক গাঁৱৰ সহস্ৰাধিক জনসাধাৰনে যোৱা চাৰিটা দিনে নদীখনৰ সংহাৰী বানত অন্ন বস্ত্ৰ বাসস্থান হেৰুৱাই অন্তহীন দুৰ্যোগৰ মাজেৰে জীৱন অতিবাহিত কৰি অহা বানাক্ৰান্ত ৰাইজক কালি নাম মাত্ৰ বান সাহাৰ্য প্ৰদান কৰিয়েই  দায়িত্ব সামৰাত  জিলা প্ৰশাসনে বিৰুদ্ধে  বানাক্ৰান্ত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। বিশেষকৈ অঞ্চলটোৰ  গোসাঁনীবাৰী ,১নং গেলাহাটী,২ নং গেলাহাটী আৰু  চেঙেলীজান গাঁৱৰ নদীখনৰ সংহাৰী বানে অধিক জটিল ৰূপ ধাৰণ কৰিছে। গাঁওকেইখনৰ বানাক্ৰান্ত ৰাইজে ওখ ঠাইত গৰু ছাগলী সৈতে সহাৱস্থানেৰে  এমুঠি অন্ন বিচাৰি হাহাকাৰ কৰি থাকিব লগীয়া হৈছে । গাঁওকেইখনৰ মাজেৰে যোৱা মূল গড়কাপ্তানি পথটো একঁকাল পৰ্যন্ত ডুবাই ৰখাত বৰ্তমান যাতায়ত বন্ধ হৈ আছে। গাঁওকেইখনৰ অধিক সংখ্যক লোকৰে বাসগৃহ ডুবাই ৰখাত ওখ ভেটিত আশ্ৰয় গ্ৰহণ কৰি কোনোমতে জীৱন অতিবাহিত কৰি আহিছে।

 

উল্লেখযোগ্য যে আজি নিয়মীয়া বার্তাত অঞ্চলটোত বান পৰিস্থিতি সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেহে সাৰ পালে নাওবৈচা ৰাজহ চক্ৰ বিষয়া ড০ ৰাহুল পেগুৱে। আজি বাতৰি প্ৰকাশৰ পাছতে গোসাঁনীবাৰী-গেলাহাটী আৰু  চেঙেলীজান গাঁৱৰ বান বিধ্বস্ত  পৰিয়ালসমূহৰ  পশুধনৰ  বাবে পশু খাদ্য  প্ৰদান  কৰিছে।  বানাক্ৰান্ত ৰাইজে কি জনপ্ৰতিনিধি কি চৰকাৰ,কি প্ৰশাসন সকলোৱে এই গাঁওকেইখনক সুদীৰ্ঘ বছৰে মাহীআই দৃষ্টিৰে চাই অহাৰ লগতে বান সমস্যাটোক সমস্যা হিচাপে ৰাখি ৰাইজৰ ৰং চাইছে বুলি অভিযোগ কৰে।ইফালে বানপীড়িত ৰাইজে গাঁও কেইখনৰ বান বিধ্বস্ত পৰিয়াল সমূহক পয্যাপ্ত পৰিমাণৰ বান সাহাৰ্য প্ৰদান কৰিবলৈ জিলা উপায়ুক্ত গৰাকীক দাবী জনাইছে।
You might also like