শংকৰী সংস্কৃতিৰ সাধক, কুজীডাহ যুৰীয়া নামঘৰৰ বৰবায়ন অতুল বৰাৰ দেহাৱসান
নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ: শংকৰী সংস্কৃতিৰ সাধক তথা শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত কুজীডাহ যুৰীয়া নামঘৰৰ বৰবায়ন অতুল বৰাৰ আজি নিচেই পুৱা পৰলোক প্ৰাপ্তি ঘটে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।১৯৩৬ চনত কুজীডাঁহত জন্মগ্ৰহণ কৰা বৰাই প্ৰয়াত উমা হাজৰিকাৰ ওচৰত খোল বাদনৰ শিক্ষা গ্ৰহণ কৰাৰ লগতে প্ৰয়াত তিলক বৰাৰ ওচৰত অংকীয়া ভাওনা গীত-মাত শিকিছিল।পৰৱৰ্তী সময়ত তেওঁ অংকীয়া ভাওনাৰ ওজা হিচাপে পৰিচিত হয়।তেওঁ বৃহত্তৰ হাতীচোং অঞ্চলৰ প্ৰায় ২৫ জন ব্যক্তিক সম্পূৰ্ণ ৰূপে খোল শিকোৱাৰ লগতে ৫ জনক বায়ন পাতিছে।১৯৯৯ চনত অতুল বৰাৰ নেতৃত্বত নগাঁও গ্ৰন্থমেলাত ৬০ মিনিটৰ সত্ৰীয়া অনুষ্ঠান প্ৰদৰ্শিত হৈছিল।তদুপৰি ১৯৯৬ চনত হনুমান মন্দিৰত ছোৱালীৰ ৰাস প্ৰদৰ্শন কৰাৰ লগতে আকাশবাণী নগাঁও কেন্দ্ৰত বহুকেইখন অংকীয়া নাট তেওঁৰ প্ৰচেষ্টাতে পৰিবেশন হৈছিল।
কামপুৰ সাহিত্য সভা, ৰহা সাহিত্য সভাতো তেওঁৰ নেতৃত্বতে কুজীডাঁহ অঞ্চলৰ গায়ন বায়নৰ দ্বাৰা জোৰা প্ৰদৰ্শন হৈছিল।নগাঁও চহৰৰ নেহৰুবালিত ভূপেন হাজৰিকা আহোতে অতুল বৰাই খোলবাদনৰে আদৰি আনিছিল আৰু তেওঁৰ খোলবাদন আৰু গীত শুনি সুধাকণ্ঠ ডঃ হাজৰিকাই প্ৰশংসা কৰিছিল।বৰবায়ন অতুল বৰাক পশ্চিম নগাঁও সত্ৰ মহাসভা,সোণাই পৰীয় বিহু উৎসৱ সমিতি,কুজীডাঁহ যুৰীয়া নামঘৰ ৰাসোৎসৱ সমিতি আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।
উল্লেখ্য যে সত্ৰীয়া সংস্কৃতিৰ সাধকজনৰ নেতৃত্বে হোজাই অংকীয়া নাট অভিবৰ্তনত কুজীডাহ যুৰীয়া নামঘৰৰ গায়ন-বায়নৰ দলে জোৰা পৰিবেশনত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।১৯৯৩ চনত তেওঁৰ প্ৰচেষ্টাতে কুজীডাঁহত শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰ নামৰ এটা অনুষ্ঠান প্ৰতিষ্ঠা হয়।এই অনুষ্ঠানটোৰ উদ্যোগত প্ৰতিবছৰে দিহা নাম,বৰগীত,কবিতা আবৃত্তি,চিত্ৰাংকন আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।
তেওঁ কুজীডাহ যুৰীয়া নামঘৰৰ মৃত্যু পৰ্যন্ত প্ৰায় ৩০ বছৰ ধৰি বৰবায়নৰ দায়িত্ব পালন কৰি আছিল।স্থানীয় ৰাইজৰ মাজত কাৰোবাৰ বাবে বাপুকন খুৰা,কাৰোবাৰ বাবে বাপুকন নামৰে পৰিচিত অতুল বৰাৰ মৃত্যুৰ বাতৰি আজি পুৱা বিয়পি পৰাৰ লগে লগে কুজীডাঁহ অঞ্চলৰ ৰাইজ শোকাভিভূতহৈ পৰে। স্থানীয় ৰাইজে তেওঁৰ নশ্বৰদেহ গায়ন-বায়নৰে সমদল কৰি কুজীডাহ যুৰীয়া নামঘৰ প্ৰাংগণলৈ লৈ যায়।সেই স্থানতে এখন শোকসভা অনুষ্ঠিত হয়। সভাতে কুজীডাহ যুৰীয়া নামঘৰ সমিতি,ৰাসোৎসৱ উদযাপন সমিতি,শ্ৰীমন্ত শংকৰ চ’ৰা কলা পৰিষদ আদি অনুষ্ঠানে বৰাৰ নশ্বৰদেহত পুস্পাঞ্জলী অৰ্পন কৰে। ইয়াৰ পিচত স্থানীয় শ্মশানত তেওঁৰ অন্ত্যোষ্টিক্ৰীয়া সম্পন্ন কৰা হয়।মৃত্যুৰ সময়ত শংকৰী সংস্কৃতিৰ সাধকজনে পত্নীৰ লগতে দুজন পুত্ৰ,এগৰাকী জীয়ৰী,এজন ভাতৃ,বোৱাৰী,ভতিজা আদি এৰি থৈ গৈছে।