শিঙৰা নৈৰ বানে বিধ্বস্ত কৰা পহুমৰা-পকণীয়া সংযোগী গড়কাপ্তানি পথত বৃহৎ বৃহৎ গাঁত
নিয়মীয়া বার্তা, ২৬ মে’: লখিমপুৰ জিলা গড়কাপ্তানি বিভাগৰ চূড়ান্ত অকমন্যতা আৰু দায়িত্বহীনতাৰ বাবেই বৃহত্তৰ দক্ষিণ নাওবৈচাৰ লক্ষাধিক জনগণে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভোগ কৰিবলগীয়া হৈছে।বিভাগটোৰ অৱহেলা বাবেই বিগত বৰ্ষৰ লগতে এইবাৰো শেহতীয়াকৈ সংহাৰী শিঙৰানৈৰ বানে পহুমৰা পকণীয়া সংযোগী গড়কাপ্তানি পথটো সম্পূৰ্ণ বিধ্বস্ত কৰাৰ লগতে বৃহৎ বৃহৎ গাঁত সৃষ্টি কৰিছিল । গড়কাপ্তানি পথটো কেবাটাও অংশত বানে অতি বিধ্বস্ত কৰি তোলাত বিধ্বস্ত কৰা অংশবোৰে অহাযোৱা কৰাত জনসাধাৰণ হাৰাশাস্তি সন্মুখীন হৈছে।
উল্লেখ্য যে নাওবৈচা সমষ্টিৰ প্ৰায় সংখ্যক গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ নিৰ্মাণ কৰিবলৈ বিভাগীয় ভাৱে অনুমোদন হৈছে যদিও দক্ষিণ নাওবৈচাবাসীৰ লক্ষাধিক জনগণৰ যোগাযোগ একমাত্ৰ গুৰুত্বপূৰ্ণ পহুমৰা পকণীয়া সংযোগী পথটো পুনৰ নিৰ্মান কৰিবলৈ একো আঁচনি অনুমোদন নোহোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। প্ৰকাশযোগ্য যে নাওবৈচা সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা লখিমপুৰ নগৰকে ধৰি ব্যৱসায় বাণিজ্যৰ বাবে বজাৰলৈ যোৱা পথটোৰে অঞ্চলটোৰ প্ৰায় লক্ষধিক লোকৰ যাতায়ত হয়। তাৰোপৰি এই পথটোৱে মাজুলী জিলালৈ পোনপটীয়াকৈ সংযোগ কৰে । এই গুৰুত্বপূৰ্ণ পথটো যোৱা দুটা বছৰেও স্থায়ী ভাৱে নিৰ্মাণ নকৰাত অঞ্চলটোৰ ৰাইজ জাঙুৰ খাই উঠিছে।
আনহাতে এই পথৰে নাওবৈচাৰ জনপ্ৰতিনিধিসকলো অহাযোৱা কৰে যদিও পথছোৱা উন্নয়নৰ হকে মাত এষাৰ মাতিবলৈ সময় নোহোৱাটো দুৰ্ভাগ্যজনক। সম্প্ৰতি পথটোৰ অংশ বিশেষে বৃহৎ বৃহৎ গাত সৃষ্টি হোৱাত পথচাৰীয়ে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়াত পৰিছে। অন্যহাতে পথটোৰ ছিগা অংশ অতিশীঘে মেৰামতি নকৰিলে বাৰিষাৰ বানে উটুৱাই নিব বুলি শংকিত হৈ পৰিছে ৰাইজ ।এইক্ষেত্ৰত পথটোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে। নহলে স্থানীয় ৰাইজে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও ভাবুকি প্ৰদান কৰিছে।