নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত ৫ হাজাৰ ৱাবা টেবলেট সহ ৩ গৰাকী সৰবৰাহকাৰী গ্ৰেপ্তাৰ 

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ:  শিলচৰ আৰক্ষীৰ আন এক বৃহৎ সফলতা।ড্ৰাগছ বিৰোধী অভিযানত এই সফলতা লাভ কৰিলে ৰাঙ্গিৰখাৰী আৰক্ষীয়ে।শিলচৰত নিচা জাতীয় সৰবৰাহ কৰা তিনিজন মিজো যুৱকক গ্ৰেপ্তাৰ‌ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।শিলচৰ সোণাই ৰোডত মিজোৰাম হাউছৰ গাতে লাগি থকা এখন হোটেলৰ পৰা আৰক্ষীয়ে এই তিনিজনক আটক কৰে।তেওঁলোকৰ পৰা ৫ হাজাৰ ৱাবা টেবলেট জব্দ কৰা হয়।  বজাৰত এই ৱাবা টেবলেটটোৰ দাম কেইবা লাখ টকা।গ্ৰেপ্তাৰ হোৱা মিজো চোৰাং সৰবৰাহকাৰী হ’ল লালদুহাৱা, চৌলিয়ানা আৰু সাংগীতা।  গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত সোণাই ৰোডত থকা হোটেলখনত অভিযান চলাই তিনি গৰাকীক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, মায়ান্মাৰৰ পৰা মিজোৰাম হৈ কাছাৰলৈ ৱাবা টেবলেট সৰবৰাহ হয়।  কাছাৰক কৰিডৰ হিচাপে ব্যৱহাৰ কৰি বহিৰাজ্যলৈ নিচা জাতীয় টেবলেট সৰবৰাহ হৈ থাকে।
You might also like