শুৱালকুছিত হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ কাপোৰৰ বিপনীত তালাচী অভিযান; জব্দ গামোচা-চাদৰ মেখেলা
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: ৰাজ্যৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগে শুৱালকুছিৰ কাপোৰৰ বিপনী সমুহত আজি এক তালাচী অভিযান চলাই ভালেসংখ্যক পাৱাৰলুমত উৎপাদিত গামোচা আৰু চাদৰ মেখেলা জব্দ কৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অসমত পহিলা এপ্ৰিলৰ পৰা পাৱাৰলুমত উৎপাদিত গামোচা, দখনা আদিৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিছিল ৷ কিন্ত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰি শুৱালকুছিৰ কেবাখনো কাপোৰৰ বিপনীত পাৱাৰলুমত উৎপাদিত কাপোৰ বিক্ৰী কৰি আছিল ৷ এই বিষয়টো সন্দৰ্ভত শুৱালকুছিৰ এচাম ব্যক্তিয়ে কামৰূপ জিলাৰ উপায়ুক্তৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷ উক্ত অভিযোগৰ বিষয়টি কামৰূপ জিলাৰ উপায়ুক্ত গৰাকীয়ে ৰাজ্যৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগক পৰীক্ষা কৰিবলৈ দ্বায়িত্ব প্ৰদান কৰে ৷ জিলা উপায়ুক্ত গৰাকীৰ নিৰ্দেশৰ ভিত্তিত আজি হস্ততাঁত বস্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক নিচিকান্ত শৰ্মা, মুখ্য বস্ৰ বিষয়া ৰিতা দেবী আৰু অধীক্ষক বিপুল চন্দ্ৰ দাসৰ সৈতে এটি আঠ জনীয়া দল শুৱালকুছিত উপস্থিত হৈ শুৱালকুছিৰ আৰক্ষীৰ সহযোগত ৩৫ খন কাপোৰৰ বিপনীত অভিযান চলায় ৷ ইয়াৰে ভিতৰত শুৱালকুছি বজাৰ চ’কৰ ভৰালী চিল্কচ্ বিপনীত পাৱাৰলুমত উৎপাদিত ২৫ খন গামোচা আৰু দুযোৰা মেখেলা চাদৰ , কলিতাপাৰাৰ মধু কলিতাৰ বিপনীৰ পৰা ৪ খন গামোচা, ন-পাৰাৰ চিল্ক কুইনৰ পৰা ৫ খন গামোচা, অনামিকা ৰেডিমেদৰ পৰা চাদৰ মেখেলা এযোৰ(পৰীক্ষাৰ বাবে), দ্বীপজ্যোতি চিল্ক হাউচৰ গামোচা ২১ খন জব্দ কৰে দলটিয়ে ৷ দলটিয়ে জানিবলৈ দিয়াতে ১৯৮৫ চনৰ হেণ্ডলুম এক্টৰ অধীনত আজিৰ অভিযানটি চলোৱা হৈছে ৷ জব্দ কৰা সামগ্ৰী বোৰ পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছত পাৱাৰলুমত উৎপাদিতৰ প্ৰমাণ হলে বিপনীৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হব ৷ আইনত দোষী সাব্যস্ত হলে পঞ্চাশ হাজাৰ টকাৰ জৰিমনা নহলে ৬ মাহ কাৰাদণ্ড খাটিব লাগিব ৷ দলটিয়ে বিশেষকৈ পাৱাৰলুমত উৎপাদিত গামোচাৰ বিক্ৰী বন্ধ কৰাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়াৰ কথা অৱগত কৰে ৷
শুৱালকুছি তাতঁশিল্প উন্নয়ন সমিতিৰ অভিযোগঃ শুৱালকুছি তাতঁশিল্প উন্নয়ন সমিতিয়ে হস্ততাঁত বস্ৰশিল্প বিভাগৰ অভিযানত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ সমিতিৰ সম্পাদক ড°নিহাৰঞ্জন কলিতাই এই সন্দৰ্ভত অভিযোগ উখ্খাপন কৰি কয় যে শুৱালকুছিৰ কেবাখনো কাপোৰৰ বিপনীত পলিয়েস্টাৰ সুতাৰে উৎপাদিত কাপোৰ গ্ৰাহকক ঠগি বিক্ৰী কৰি আছে ৷ আজিৰ অভিযানত দলটিয়ে পলিস্টাৰৰ কাপোৰবোৰ বস্ৰ আইনক দোহাই জব্দ কৰা নাই ৷ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ দলটিয়ে পলিস্টাৰকে ধৰি কেইবিধমান সুতা বৰ্তমানলৈকে আইনখনত অন্তৰ্তভূক্ত নোহোৱাৰ অজুহাত দেখুৱাই বিপনী সমুহত যথেষ্ট সংখ্যক পলিস্টাৰৰ লগতে পাৱাৰলুমত উৎপাদিত মেখেলা চাদৰ থকা সত্বেও জব্দ নকৰাত তাতঁশিল্প উন্নয়ন সমিতিয়ে ক্ষোভ প্ৰকাশ কৰিছে ৷ সমিতিয়ে প্ৰকাশ কৰামতে দলটিয়ে শুৱালকুছিত পাৱাৰলুমত উৎপাদিত সামগ্ৰী বিক্ৰী নকৰাৰ এক সজাগতা আৰু চমক সৃষ্টিৰ বাবেহে ইয়াত উপস্থিত হৈছে ৷ ইয়াৰ পৰা শুৱালকুছিৰ শিপিনী কোনো প্ৰকাৰে লাভম্বিত নহব ৷ তাতঁশিল্প উন্নয়ন সমিতিয়ে বৰ্তমান বজাৰত উপলব্ধ সুতাৰে পাৱাৰলুমত উৎপাদিত মেখেলা চাদৰ আদিৰ বিক্ৰী অসমত বন্ধ ৰখাৰ দাবী জনাই উক্ত বিষয়টি হেণ্ডলুম এক্টত অন্তভুৰ্ক্ত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ৷
দিলীপ মেধি, শুৱালকুছি ৷