নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঁইতা ভাতৰ উপকাৰিতা জানিলে আচৰিত হ’ব

অসমীয়াত এষাৰ কথাই আছে বোলে, পান্তা ভাতৰ জল তিন পুৰুষৰ বল৷ একেবাৰে সঁচা কথা৷ পান্তা ভাতৰ ইমান শক্তি যে এই ভাত খালে শৰীৰে যথেষ্ট শক্তি লাভ কৰে৷ অসমীয়া সমাজত পঁইতা ভাত নোখোৱা মানুহ এজনো নোলাব৷ সাধাৰণতে উৎসৱ–পার্বণত পঁইতা ভাত খোৱাটো অসমীয়া সমাজৰ এক পৰম্পৰা আছে৷ অৱশ্যে আজিৰ সমাজত পঁইতা ভাত খোৱা মানুহৰ সংখ্যা কমিছে৷ বহুতেই ইয়াক দুখীয়া মানুহৰ খাদ্য বুলিও জ্ঞান কৰে৷ কিয়নো আগৰ দিনত এসাঁজ খাই এসাঁজৰ কথা চিন্তা কৰা অভাৱগ্রস্ত পৰিয়ালে ধনৰ অভাৱত ভাত একেবাৰতে বনাই তাত পানী দি কেইবাসাঁজো খাবলগীয়া হৈছিল৷ বর্তমান সময়ৰ পৰিৱর্তন হ’ল৷ আনহাতে পঁইতা ভাতৰ গুণাগুণ সম্পর্কেও মানুহে অৱগত হ’ল৷ বিভিন্ন গৱেষণাৰ পৰা পান্তা ভাত বা পঁইতাভাতৰ উপকাৰিতা বিশ্লেষণ কৰি পোৱা গৈছে৷ সেয়ে এতিয়া ধনিক শ্রেণীয়েও ইয়াক আঁকোৱালি লোৱা দেখা গৈছে৷ আজিকালি প্রায়ভাগ অত্যাধুনিক সম্ভ্রান্ত হোটেল, ৰেস্তোৰাঁতো পঁইতা ভাত পৰিৱেশন কৰা হয়৷ সেয়ে পঁইতা ভাত এতিয়া আভিজাত্যৰ প্রতীক হৈ পৰিছে৷ বর্তমান সময়ত পঁইতা ভাতৰ প্রশংসাতেই পঞ্চমুখ চিকিৎসকসকলো৷ গৱেষণাত পোৱা মতে পঁইতাভাতৰ শৰীৰৰ ৰোধ প্রতিৰোধ কৰিব পৰা ক্ষমতা আছে৷ সেয়ে থূলমূলকৈ পঁইতাভাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক৷
২০১৯ চনত পন্তা ভাতৰ পুষ্টিগুণ সম্পর্কে কৰা গৱেষণাত পোৱা গৈছে যে পানীত তিয়াই ৰখা পন্তা ভাতৰ থকা ছর্ট চেইন ফেটী এচিডে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়৷ ইয়াৰ উপৰি পন্তা ভাতত প্রচুৰ পৰিমাণে কার্ব’হাইড্রেট থাকে৷ ফেটী এচিড আৰু কার্ব’হাইড্রেটৰ এণ্টি ইনফ্লেমেটৰি ধর্মৰ বাবে শৰীৰৰ এলার্জী বা শক্তিৰ লেভেল কেইবাগুণো বৃদ্ধি কৰে৷ গোটেই ৰাতি পানীত তিয়াই থকাৰ বাবে ফার্মেণ্টেচনৰ ফলত পন্তা ভাতত ভিটামিন–বি ১২ৰ মাত্রা বাঢ়ি যায়৷ যাৰ ফলত পঁইতা ভাত খালে শৰীৰৰ ক্লান্তি দূৰ কৰাৰ লগতে অনিদ্রাৰ সমস্যা সমাধান কৰাত সহায় কৰে৷
পঁইতা ভাতে নেচাৰেল লেক্সেটিভ হিচাপে কাম কৰে৷ কোষ্ঠ–কাঠিন্যৰ সমস্যা নোহোৱা কৰিব পাৰে পন্তা ভাতে৷ যিসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে, তেওঁলোকৰ ক্ষেত্রত পঁইতা ভাত যথেষ্ট কার্যকৰী৷ সাধাৰণ ভাতৰ তুলনাত পঁইতা ভাতত ছ’ডিয়ামৰ পৰিমাণ কম থাকে৷ আনহাতে পটেচিয়ামৰ পৰিমাণ যথেষ্ট বেছি পোৱা যায় বাবে বিভিন্ন ক্ষেত্রত শৰীৰৰ বাবে উপকাৰী৷
ফার্মেণ্টেচনৰ কাৰণে পঁইতা ভাতত কার্ব’হাইড্রেট আৰু ফেটৰ পৰিমাণ কম থাকে বাবে পন্তা ভাতে শৰীৰৰ ওজন হ্রাস কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰে৷
আনহাতে পঁইতা ভাতক বিউটী ছিক্রেট অৱ এছিয়া বুলি কোৱা হয়৷ কাৰণ পন্তা ভাতে কোলাজেন প্রস্তুতত সহায় কৰে৷ এয়ে ছালৰ ইলাষ্টিচিটী বৃদ্ধি কৰে৷ যাৰ ফলত ছাল মসৃণ, কোমল আৰু টান টান ভাব নাইকিয়া হৈ ছালখনৰ উজ্জ্বলতা বৃদ্ধি পায়৷
পঁইতা ভাতক বডী ৰিহাইড্রেটিং ফুড হিচাপেও গণ্য কৰা হয়৷ গৰমৰ দিনত পঁইতা ভাত শৰীৰৰ বাবে অত্যন্ত উপকাৰী৷ বিশেষজ্ঞই কোৱা মতে পঁইতা ভাতত পোৱা মাইক্র’নিউড্রিয়েণ্ট থকাৰ বাবে শৰীৰৰ প্রয়োজনীয় উপকাৰী উপাদানৰ অভাৱ নাইকিয়া কৰিব পাৰে৷ জানিব পৰা মতে ১০০ গ্রাম সাধাৰণ ভাতত ৩.mg আইৰন থকাৰ বিপৰীতে পঁইতা ভাতৰ ক্ষেত্রত আইৰন থাকে প্রায় ৭৩.৯mg, অর্থাৎ প্রায় ২১ গুণ বেছি, যিয়ে শৰীৰৰ নানাধৰণে উপকাৰ সাধন কৰে৷

You might also like