নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি বালক মজলীয়া বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন

নিয়মীয়া বাৰ্তা, ২১ মে’: বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰাটো ছাত্ৰছাত্ৰীৰ বাবে এক আশাৰ বতৰা ৷ কিয়নো প্ৰাচীৰ পত্ৰিকাত শিক্ষাৰ্থী সকলে নিজে লিখা কবিতা , প্ৰবন্ধ, গল্প আদি প্ৰকাশৰ প্ৰথম সুযোগ লাভ কৰাৰ উপৰিও তেওঁলোকৰ এইটো সাহিত্যৰ প্ৰথম খোজ হিচাপে চিহ্নিত হয় ৷ এইদৰে হয়তো পৰৱৰ্তী সময়ত ছাত্ৰছাত্ৰী সকলে উৎসাহিত হৈ সাহিত্যৰ দিশে গতি কৰিব পাৰে আৰু ভবিষ্যতৰ দিনত একো একোগৰাকী প্ৰতিষ্ঠিত লেখক, কবি, সাহিত্যিক, নাট্যকাৰ, গল্পকাৰ, উপন্যাসিক আদি হোৱাৰ সম্ভাৱনা থাকে ৷ সেয়ে বিদ্যালয় সমূহে প্ৰতি মাহে একোখনকৈ প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰি ছাত্ৰ ছাত্ৰী সকলৰ লেখা সমুহ প্ৰকাশ কৰিলে ছাত্ৰ ছাত্ৰী সকল অনুপ্ৰাণিত হব আৰু শিক্ষাৰ্থীৰ উত্তৰণ হ’ব — এই ভাষ্য শুৱালকুছি সাংবাদিক সন্থাৰ সভাপতি দিলীপ মেধিৰ ৷

আজি বস্ত্ৰনগৰীৰ অতি প্ৰাচীন শুৱালকুছি বালক মজলীয়া বিদ্যালয়ৰ সহঃ শিক্ষকদ্বয় ৰত্ন কুমাৰ দাস আৰু বিকাশ মুচাহাৰীৰ সম্পাদনাত প্ৰকাশিত প্ৰাচীৰ পত্ৰিকা ৰামধেনু আৰু গণিত বিজ্ঞান সংঘৰ দুয়োখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি দিয়া ভাষণত শ্ৰীযুত মেধিয়ে প্ৰাচীৰ পত্ৰিকা বিদ্যালয়ৰ দাপোন স্বৰূপ বুলিও উল্লেখ কৰে ৷ উন্মোচনী অনুষ্ঠানৰ পূৰ্বে মঙ্গলদ্বীপ প্ৰজ্বলন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পখিলা কাকতিয়ে ৷ সহকাৰী শিক্ষক ৰত্ন কুমাৰ দাসে আত ধৰা অনুষ্ঠানতে বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনামিকা দাসৰ সম্পাদনাত প্ৰকাশ কৰা জৈৱ বৈচিত্ৰ্য পঞ্জী উন্মোচন কৰি দিয়া বক্তব্যত সহ শিক্ষক চতীন কলিতাই কয় যে ছাত্ৰছাত্ৰী সকলে অধ্যয়নৰ মাজেৰে বহিঃবিদ্যায়তনিক দিশৰ ফালে ধাউতি দিয়াতো প্ৰয়োজন ৷ সাহিত্য চৰ্চাও বহিঃবিদ্যায়তনিক ভাগতে অন্তৰ্ভুক্ত ৷ জৈৱ বৈচিত্ৰ্য পঞ্জীত আমি সকলোৱে জানিব লগা বহু কথা লিপিবদ্ধ আছে ৷ যাৰ পৰা ছাত্ৰছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে ভালেমান কথা জানিব পাৰিব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানৰ পূৰ্বে বিদ্যালয়ৰ ছাত্ৰীদ্বয় ৰুমী বৈশ্য আৰু বন্দিতা দাসৰ আধুনিক নৃত্যই সকলোকে আপ্লুত কৰে ৷

You might also like