নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৩ যুৱক উদ্ধাৰ, আটক ১

নিয়মীয়া বাৰ্তা , ২১ মে’: ৰঙিয়া আৰক্ষীৰ জালত কুখ্যাত মানৱ সৰবৰাহকাৰী । ৰঙিয়াৰ নিজ বাসগৃহৰ পৰা আটক ৰাহুল আলী নামৰ সৰবৰাহকাৰীজনক । সৰবৰাহকাৰীজনৰ কবলৰ পৰা উদ্ধাৰ তিনিজন লোক। ইয়াৰে এজন ত্ৰিপুৰাৰ, এজন শ্বিলং আৰু আনজন নাহৰকটীয়াৰ । সৰবৰাহকাৰী জনে কামৰ প্ৰলোভনেৰে বহি:ৰাজ্যলৈ নিবলৈ ওলাইছিল তিনিওজনক । কেইবাটাও গোচৰত অভিযুক্ত সৰবৰাহকাৰীজনে দীৰ্ঘদিন ধৰি পলাই আছিল । কাম দিয়াৰ প্ৰলোভনেৰে দৰিদ্ৰ লোকক বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ আছে সৰবৰাহকাৰী জনৰ বিৰুদ্ধে । বৰ্তমানে অধিক তথ্যৰ বাবে ৰাহুল আলীক জেৰা অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে ।

You might also like