নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৰৎ চন্দ্র গোস্বামী–ৰূপৰাম সূত বক্তৃতানুষ্ঠান

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ দেওবাৰে মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তর্গত কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত কপাহেৰাস্থিত সোণাপুৰস্থিত মজলীয়া বিদ্যালয়ৰ প্রেক্ষাগৃহত ‘কবিতা পাঠ আৰু শৰৎ চন্দ্র গোস্বামী আৰু ৰূপৰাম সূত স্মৃতিচাৰণ বক্তৃতানুষ্ঠান’ শীর্ষক দিনজোৰা কার্যসূচীৰে এটি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ পুৱা ১০ বজাত অৱসৰপ্রাপ্ত শিক্ষক তথা সমাজকর্মী মাঘৰাম দেউৰীয়ে বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা কার্যসূচীৰ পাছতেই পুৱা ১০.১৫ বজাত শাখাৰ সভাপতি ভুবন চন্দ্র ডেকাই সন্মিলনৰ পতাকা উত্তোলন কৰে৷ মুকলি সভাৰ পূর্বে অতিথিসকলৰ আদৰণী অনুষ্ঠানটিৰ আঁত ধৰে সদৌ অসম কবি সন্মিলনৰ মনোনীত তথা কেন্দ্রীয় কার্যনির্বাহক মাধৱ চন্দ্র ডেকাই৷ মুকলি সভাত সভাপতিত্ব কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অশোক ডেকাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সভাপতি ভুবন চন্দ্র ডেকাই৷ শিল্পী ৰাজশ্রী ডেকাৰ শংকৰদেৱ বিৰচিত এটি বৰগীতেৰে সভাখনৰ শুভ উদ্বোধন কৰে৷ ইয়াৰ পাছতেই ‘শৰৎ চন্দ্র গোস্বামী আৰু ৰূপৰাম সূত স্মৃতিচাৰণ বত্তৃণতা’ আগবঢ়ায় ক্রমে বিশিষ্ট জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন আৰু অৱসৰপ্রাপ্ত শিক্ষক যাদৱ ফুকনে৷ ভাষণত সাংবাদিক ফুকনে কয় ‘সমাজৰ যদি উত্তৰণ হয়, বৌদ্ধিক কচৰতৰ দ্বাৰাহে হ’ব, ধন–টকা পইচাৰে নহয়’৷ অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্রদীপ শইকীয়া আৰু প্রদান সম্পাদক উজ্জ্বল পাওগাম আৰু বিশিষ্ট অতিথি ৰূপে নতুন কবিতাৰ সম্পাদক মদাৰজ্যোতি, কেন্দ্রীয় সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী, প্রচাৰ সম্পাদক হেমন্ত ভাৰতী, মনোনীত সদস্য তথা মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ভবেন চন্দ্র নাথৰ লগতে সোণাৰুগুৰি মজলীয়া বিদ্যালয়ৰ প্রদান শিক্ষক দিবেন্দ্র নাথ, অৱসৰপ্রাপ্ত শিক্ষক দেৱেন দাসকে প্রমুখ্য কৰি প্রায় শতাধিক ব্যক্তি উপস্থিত থাকে৷ মাধৱ চন্দ্র ডেকাৰ সম্পাদনাৰে শাখাৰ পত্রিকা ‘গুঞ্জৰিত কপাহেৰা’ৰ দ্বিতীয় সংখ্যাটি উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্রদীপ শইকীয়াই আৰু নিখিল ৰঞ্জন গোস্বামীৰ সম্পাদনাৰে জননেতা প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ক শৰৎ চন্দ্র গোস্বামী, ৰূপৰাম সূতদেৱৰ জন্ম শতবার্ষিকীৰ শুভক্ষণত ‘স্মৃতিলেখা’ শীর্ষক গ্রন্থখন উন্মোচন কৰে উজ্জ্বল পাওগামে৷ মৰিগাঁও জিলা কবি সন্মিলনৰ উপ–সভাপতি আবুল হাচেম আল আমনৰ সঞ্চালনাত বিয়লি অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানটিত দীপসংগীত বৰুৱা, যাদৱ ফুকন, গুণমণি বৰা, ভবেন চন্দ্র নাথ, চিৰ সেউজ, দেৱকান্ত ডেকা, নিবেদিতা শইকীয়া, হেমন্ত ভাৰতী, তীর্থনাথ বৰুৱা, প্রিয়ংকা গোস্বামী, পার্থপ্রতিম বৰা, কুমকুম কুঁৱলি বৰুৱা, কাব্যম কুঞ্জৰ চুতীয়া, পল্লৱী শইকীয়া বৰা, নিহাল কৃষ্ণ ডেকা, কৃষ্টিবন ডেকা, হর্ষৰাজ ডেকা, ব্যাসদেৱ শইকীয়া, চুমি কপাহেৰা, কল্পনা বৰা, পুলক চন্দ্র বৰদলৈ, পুলিন্দ্র শইকীয়া, দেৱেন দাস, বিজয়া বৰা, ভুবন চন্দ্র ডেকা, দ্বীপ সংগীত বৰুৱা, মাধৱ চন্দ্র ডেকা, ৰাগ অনুৰাগ, কৃষ্ণকান্ত ডেকাকে ধৰি প্রায় ডেৰকুৰিৰো অধিক ন–পুৰণি কবিয়ে কবিতা পাঠেৰে মুখৰ কৰে সোণাৰুগুৰি মজলীয়া বিদ্যালয়৷ সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্রৰে সামৰণি পৰা অনুষ্ঠানটিত পঠিত কবিতাসমূহৰ পর্যালোচনা আগবঢ়ায় বিশিষ্ট কবি প্রদীপ শইকীয়াই৷

You might also like