নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ শ বছৰীয়া পৰম্পৰাৰে ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত আৰম্ভ হ’ল দৌল মহোৎসৱ

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিল ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ প্ৰাঙ্গন। কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ বাসুদেৱ থান নৰোৱা সত্ৰত আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। পূৰ্বৰ পৰা অক্ষুন্ন ৰাখি বৃহস্পতি বাৰে সন্ধিয়া সত্ৰৰ অস্থায়ী বেদীত  বাসুদেৱ মহাপ্ৰভুৰ স্থাপন আৰু আদিবাস পৰ্ব অনুষ্ঠিত হোৱাৰ পিছতে আৰম্ভ হয় তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ।প্ৰতিষ্ঠা কালৰে পৰা  উদযাপিত হৈ অহা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ উপলক্ষে
লোকাৰণ্য হৈ পৰে নৰুৱা সত্ৰৰ চৌহদ। সত্ৰবাসীয়ে ৰং-বিৰঙী আবিৰ সানি হোলী গীতেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ-বতাহ কৃষ্ণ বন্দনাৰে মুখৰিত কৰে।কিশোৰ, চেমনীয়া ডেকা সকলে প্ৰাণঢালি হোলী গীতৰ মূৰ্ছনাত মুখৰিত হোৱা এই বৰ্ণিল দৃশ্য উপভোগ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত-দর্শনাৰ্থীৰ সমাগম ঘটে।

প্ৰেৰকঃ পুলকজ্যোতি বৰা, ঢকুৱাখনা

You might also like