নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ বিশ্ববিদ্যালয়লৈ বাজেটত আৰ্থিক অনুদানঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ উত্তৰ পূব ভাৰতৰ সৰ্ব বৃহৎ ধৰ্মীয়, সামাজিক তথা জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰতিষ্ঠিত তথা পৰিচালিত ৰাজ্যৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ অসম চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেটত আগবঢ়োৱা আৰ্থিক অনুদান প্ৰস্তাৱৰ বাবে সংঘৰ তৰফৰ পৰা প্ৰধান সম্পাদক বাবুল বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু অসম চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জনাইছে।এক বিজ্ঞপ্তিযোগে সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই উল্লেখ কৰে যে লাখ লাখ ভকত বৈষ্ণৱৰ আন্তৰিক আৰু আৰ্থিক সহযোগিতাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই ২০১৪ চনতে প্ৰতিষ্ঠা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কালৰে পৰা প্ৰযুক্তিগত উৎকৰ্ষতাক আত্মিক আৰু নৈতিক মূল্যবোধৰ সৈতে সুসংহত কৰি মূল্যবোধ ভিত্তিক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত দায়বদ্ধতাৰ সেৱা আগবঢ়াই আহিছে। এনে এখন শিক্ষানুষ্ঠানৰ অধ্যাপক কৰ্মচাৰীসকলৰ দৰমহা প্ৰদান প্ৰক্ৰিয়া অধিক সুচল কৰি তোলাৰ বাবে অসম চৰকাৰৰ বাজেটত এই বৰ্ষৰ পৰা দৰমহাৰ ৭৫% ধন সাহাৰ্য ৰূপে বিশ্ববিদ্যালয়লৈ আগবঢ়াবৰ বাবে গ্ৰহণ কৰা প্ৰস্তাবে বিশ্ববিদ্যালয়ৰ পৰিয়াল তথা সংঘৰ লক্ষ্য লক্ষ্য ভকত ক আহ্লাদিত কৰি তুলিছে। অনাগত সময়তো বিশ্ববিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী তথা প্ৰতিগৰাকী বিধায়কৰ সহযোগিতা আশা কৰিছে সংঘই।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like