সদৌ অসম বেডমিন্টন প্ৰতিযোগিতা: অৰুনাভ গগৈ – বিক্ৰম তামাং যুটী চেম্পিয়ন
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: মৰিয়নিৰ এ এছ ই বি স্প’ৰ্টছ ক্লাৱ আৰু নাগাজাংকা বেডমিন্টন ক্লাৱৰ উদ্যোগত নাগাজাংকা এ এছ ই বি ক’লোনী প্ৰেক্ষাগৃহ প্ৰাংগণত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম দ্বৈত বেডমিন্টন প্ৰতিযোগিতাখনি কালি ৰাতি সামৰণি পৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৩০ টা দলে অংশগ্ৰহণ কৰা এই বেডমিন্টন প্ৰতিযোগিতাত ডিগবৈৰ অৰুনাভ গগৈ আৰু বিক্ৰম তামাং যুটীয়ে চেম্পিয়নৰ খিতাপ দখল কৰে । ৰাতি অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত অৰুনাভ – বিক্ৰম যুটীয়ে শিৱসাগৰৰ অনিমেষ গগৈ – অনিৰ্বান গগৈ যুটীক ২১-১৯, ২১-১৭ ছেটত পৰাজিত কৰে । আনহাতে, প্ৰতিযোগিতাখনত তৃতীয় স্থান অৰ্জন কৰে নাজিৰাৰ আৰু চতুৰ্থ স্থান লাভ কৰে ক্ৰমে বিকাশ গগৈ -পৱন গগৈ যুটী আৰু চতুৰ্থ স্থান দখল কৰে গোলাঘাটৰ গমা পেগু আৰু মুস্তাফুৰ ৰহমান যুটীয়ে । আনহাতে, পুৰস্কাৰ বিতৰণী অনুষ্ঠানত মৰিয়নি ক্ৰীড়া সন্থাৰ সভাপতি তথা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অসম শ্লিংশ্বট সন্থাৰ সভাপতি মনোজ বৰগোঁহাই, এ ই জি চি এলৰ মৰিয়নি সংমণ্ডলৰ সহকাৰী মহাপ্ৰৱন্ধক দেৱাশিস বৰ্মন, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগাঁঠনিক সম্পাদক প্ৰদীপ বৰা, শিক্ষক – সমাজকৰ্মী কুমুদ গগৈ আদি কৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বিজয়ী প্ৰতিযোগীসমূহক নগদ ধন, ট্ৰফী, মানপত্ৰ আদি প্ৰদান কৰা হয় ।
দিব্যজ্যোতি শইকীয়া