সমন্বয়ৰ বাৰ্তাবাহক তামুলপুৰৰ তেতেলীগুৰি-কালাকুছি শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজাৰ মহাৰজত জয়ন্তী
নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: তামুলপুৰ জিলাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত তেতেলীগুৰি-কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰীলক্ষ্মী আৰু মাইনাও মন্দিৰত সাতদিনীয়াকৈ আৰম্ভ হোৱা শ্ৰীশ্ৰীলক্ষ্মী আৰু মাইনাওঁ পূজাৰ মহাৰজত জয়ন্তীৰ আজি তৃতীয় দিন ৷ সমন্বয়ৰ বাৰ্তা বহন কৰি তেতেলীগুৰি-কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী মাইনাও মন্দিৰত ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ পূজাৰ সমান্তৰালভাৱে পালন কৰা হৈছে বড়ো জনগোষ্ঠীৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী মাইনাওঁ পূজা ৷ কালি দ্বিতীয় দিনা তেতেলীগুৰি – কালাকুছি শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজাৰ মহাৰজত জয়ন্তী উপলক্ষে উলিওৱা হয় এক এক বিশাল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তামুলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কোকিলা গগৈয়ে ৷ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সাংস্কৃতিক বিভাগৰ সম্পাদক সোণেশ্বৰ কলিতাই আঁত ধৰা সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰি অতিৰিক্ত উপাযুক্ত কোকিলা গগৈয়ে কয় —- এই শ্ৰীশ্ৰীলক্ষ্মী আৰু মাইনাও পূজা তামুলপুৰ জিলাৰ বাবে অতিকৈ গৌৰৱৰ বিষয় । আমাৰ অসমৰ এক বিৰল দৃশ্য তেতেলিগুৰী-কালাকুছি শ্ৰীশ্ৰীলক্ষ্মী আৰু মাইনাও পূজাত দেখা পোৱা গৈছে। যত মহামিলনৰ ধ্বনি হিচাপে একেখন ৰভাৰ তলীতে শ্ৰীশ্ৰীলক্ষ্মী আৰু মাইনাও পূজা কৰা দেখা গৈছে । এই লক্ষ্মী আৰু মাইনাও পূজাই ৭৭ বৰ্ষ অতিক্ৰম কৰিছে। এয়া আমাৰ সমাজখনৰ বাবে এক ইতিবাচক বাৰ্তা । সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকি উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক জলেন দৈমাৰীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । আজিৰ এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত উপস্থিত থাকে তামুলপুৰ ৰাজহ চক্ৰ বিষয়া ওৱাহিদুৰ ৰহমান ৷ তামুলপুৰ কালাকুছি পথেৰে উলিওৱা এই শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ পুৰুষ -মহিলা, যুৱক – যুৱতী, শিশু, বৃদ্ধা, আবাল বনিতা সকলে অংশগ্ৰহণ কৰে । তেঁতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰীশ্ৰী লক্ষ্মী আৰু মাইনাও পূজা স্থায়ী সমিতিৰ সভাপতি বিপুল চন্দ্ৰ লহকৰ , চপন বড়ো , সম্পাদক সতীশ ডেকা , গণেশ নাৰ্জী , উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি আনন্দ ৰাম বড়ো , উপ সভাপতি খনিন্দ্ৰ নাৰ্জী , কৰুনা কান্ত ৰাজবংশী আৰু সম্পাদক নৃপেন বৰা আদিকে ধৰি সমূহ বিষয়ববীয়াৰ পৰিচালনাত উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত তামুলপুৰ আঞ্চলিক বিহু দল , তামুলপুৰ আঞ্চলিক হাৰিমূ আফাদ , নৱ জ্যোতি কোঁচ ৰাজবংশী কৃষ্টি দল , সেউজ শৰণীয়া সাংস্কৃতিক গোষ্ঠী , অময়াপুৰ হাঁহকাটা বহুৰঙী ৰাভা কৃষ্টি দল , সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ মহোহো কৃষ্টি দল , কলিতা জনগোষ্ঠী তেঁতেলীগুৰি সংকীৰ্তন দল , তেঁতেলীগুৰি শৰণীয়া চুবুৰীৰ বাঁহগোহাঁই কৃষ্টি দল , ঘোষা নাম দল তেঁতেলীগুৰি মহাপুৰুষীয়া চুবুৰী , বড়ো সমাজৰ ধানৰ আগ অনা দৃশ্য , বড়ো সমাজৰ মাছ মৰাৰ দৃশ্য , সত্ৰীয়া নৃত্য দল কালাকুছি কলিতা চুবুৰী , বড়ো সমাজৰ দৰা কইনাৰ দৃশ্য , আয়তীৰ নাম , মাইনাও আৰজ , কালাকুছি উত্তৰ চুবুৰী মহিলা থিয় নাম দল , বড়ো সমাজৰ পুতুলী বিয়াৰ দৃশ্য , তেঁতেলীগুৰি মহাপুৰুষীয়া চুবুৰীৰ বিয়াৰ পানী তোলা অনুষ্ঠান , বড়ো সমাজৰ হাল বোৱা দৃশ্য , বড়ো সমাজৰ বাথৌ পূজা কৰা দৃশ্য , মা ভাৰতী কালাকুছি বেলতল চুবুৰী , মিলিজুলি বেণ্ড পাৰ্টি তামুলপুৰ , অসমীয়া সমাজৰ দৰা কইনাৰ দৃশ্য , অসমীয়া সমাজৰ জপা লোৱাৰ দৃশ্য আদিয়ে উপস্থিত হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজক মুগ্ধ কৰি তোলে ।