নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত তিনি ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১১অক্টোবৰ: ৰঙিয়াত তিনি ভুৱা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া গ্ৰেপ্তাৰ । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দিয়া তিনি যুৱকক । ধৃত যুৱক কেইজন হৈছে উদিয়ানাৰ ইকবাল হুছেইন , কাউৰবাহাৰ দিদাৰ হুছেইন আৰু মৃদুল আলী । ভুৱা এন্টি কৰাপচনৰ দলটোৱে সোমবাৰে দিনৰ প্ৰায় আঢ়ৈ বজাত ৰঙিয়াৰ বনগাঁৱৰ উৰণীয়া সেতুৰ তলত বৰপেটাৰ পৰা অহা এখন চুপাৰী কঢ়িওৱা গাড়ী ৰখাই তালাচি চলায় । উপযুক্ত কাগজ নাই বুলি কৈ ভুৱা দলটোৱে চুপাৰী কঢ়িওৱা গাড়ীখনৰ ড্ৰাইভাৰৰ পৰা ধন দাবী কৰে । সেই সময়তে এই স্থানত আৰক্ষীৰ তহলদাৰী এটা দল উপস্থিত হয় । আৰক্ষী উপস্থিত হোৱাৰ লগে লগে দলটোৰ এজনে পলাই পত্ৰং দিয়ে যদিও আৰক্ষীয়ে বাকী তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । বৰ্তমান আৰক্ষীয়ে তিনিওজনকে জেৰা অব‍্যাহত ৰাখিছে ।

ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like