নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদ শৰণীয়াই অশান্তিৰ বাদে একো দিব পৰা নাইঃ বিশ্বজিৎ দৈমাৰী

নিয়মীয়া বাৰ্তা, ৮মার্চঃ বাক্সা জিলাৰ নাওকাটাত বৃহৎ নির্বাচনী সভাৰে শক্তি প্রদর্শন কৰে বিপিএফ দলে৷ শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্রার্থী তথা এমচিএলএ গণেশ কছাৰীৰ সমর্থনত শুক্লাই ছেৰফাং ব্লক বিপিএফৰ সভাপতি জিনাৰাম বডোৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথিৰূপে অংশ লৈ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এবছুৰ সদ্যপ্রাক্তন সভাপতি প্রমোদ বডো আৰু আৰু কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনাৰে থকা–সৰকা কৰে৷ ভাষণত দৈমাৰীয়ে কয়– ‘নির্বাচনে আমাৰ ভৱিষ্যতৰ ভাল–বেয়া দিনবোৰ নির্ণয় কৰে৷ সেয়েহে ৰাইজ এইক্ষেত্রত সচেতন হোৱা প্রয়োজন৷ এই নির্বাচনৰ জৰিয়তে এখন অঞ্চলৰ উন্নয়ন, শান্তি, বিভিন্ন কল্যাণমূলক আঁচনিৰ বুনিয়াদ সৃষ্টি হয়৷ এবাৰ ভুল কৰিলে পিছত অনুশোচনা কৰি লাভ নাই৷’ ভাষণ প্রসংগত দৈমাৰীয়ে কয়– প্রমোদ বড়ো এতিয়া আন ৰাজনৈতিক দলৰ নেতাৰ দৰে হৈ পৰিল বুলি উল্লেখ কৰি ৰাইজক বিভ্রান্ত নহ’বলৈ আহ্বান জনায়৷ আনহাতে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৰাইজক অশান্তিৰ বাদে একো দিব পৰা নাই বুলি উল্লেখ কৰে৷ নৱ শৰণীয়াই কোনো জাতিৰ বাবে কাম কৰা নাই যদিও বড়ো–বড়োৰ সংঘাত অনাৰ হকে ঠিকেই কাম কৰা বুলি উল্লেখ কৰে সাংসদ দৈমাৰীয়ে৷ বিটিচি চিএমবিৰ সদস্য চাহাবুদ্দিন আহমেদে শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত গণেশ কছাৰীৰ প্রতিদ্বন্দ্বী এজনো নাই আৰু কছাৰীয়ে বিটিচিৰ ভিতৰতে আটাইতকৈ বেছি ভোটত জয়লাভ কৰিব বুলি দাবী কৰে৷ তেওঁ গোবিন্দ বসুমতাৰী, প্রমোদ বডো, নৱ শৰণীয়াক সমালোচনা কৰে৷ যুৱ বিপিএফৰ কেন্দ্রীয় সম্পাদক সোমনাথ বসুমতাৰীয়ে গণেশ কছাৰীক ৰাখিব পৰা শক্তি কাৰো নাই বুলি উল্লেখ কৰি এনডিএফবি নেতাক জে’লত ৰাখি বিটিচি চীফ হোৱাৰ প্রমোদ বডোৰ সপোন কেতিয়াও পূৰণ নহয় বুলি মন্তব্য কৰে৷ বিপিএফৰ অন্যতম সম্পাদক প্রবীণ বডোৱে এবছুৰ দৰে জাতীয় সংগঠন হৈয়ো ৰাজনীতিত জডিত হৈ ইউপিপিএলৰ বহতীয়া হৈ পৰিছে বুলি উল্লেখ কৰি নিজৰ মর্যাদা অক্ষুণ্ণ ৰাখিবলৈ এবছু কর্মীক আহ্বান জনায়৷ এই সভাতে বাগ্সা জিলা বিজেপিৰ সম্পাদক তথা বিগত পৰিষদীয় নির্বাচনৰ প্রার্থী বাসুদেৱ বসুমতাৰী, সুৱাগপুৰ শাখা গোর্খা ছাত্র সন্থাৰ সভাপতি ইশ্বৰ ছেত্রী, দেওচুঙা প্রাইমাৰী এবছুৰ সভাপতি শান্তি বডো আদিকে ধৰি ইউপিপিএল, বিজেপি, অবডো সুৰক্ষা সমিতি, আগছু, কংগ্রেছ, চিপিআই (এম), এবছু, প্রাক্তন এনডিএফবি সমন্বয়ৰক্ষী সমিতি আদিকে ধৰি বিভিন্ন ৰাজনৈতিক–ৰাজনৈত্ দল–সংগঠনৰ প্রায় চাৰি শতাধিক সদস্যই আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে৷ যোগদান কৰা সদস্যসকলক ফুলাম গামোচা, আৰনাইৰে আদৰণি জনায় গণেশ কছাৰীয়ে৷ সভাত তামুলপুৰ জিলা বিপিএফৰ ভাৰপ্রাপ্ত সভাপতি আদিত্য সিনহা, সম্পাদক উপেন বসুমতাৰী, যুৱ বিপিএফৰ সভাপতি মৃদুল ব্রহ্ম, সম্পাদক ৰুবুল আলী, নাওকাটা মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবিৰাম ব্রহ্ম, এনডিএফবি (চাওৰাইগৌৰা)ৰ এৰিয়া কমাণ্ডাৰ বি দাহাল ঠুংগৰী, সহকাৰী কমাণ্ডাৰ বি বিফাং আদিকে ধৰি কেইবাসহস্র লোক উপস্থিত থাকে৷ বিপিএফৰ আজিৰ সভাত এনডিএফবি (চাওৰাইগৌৰা) ফৈদৰ নেতা উপস্থিত থকা ঘটনাই বিটিচিৰ ৰাজনীতিত বিশেষ তাৎপর্য বহন কৰিছে৷ এই সভাতে আগন্তুক পৰিষদীয় নির্বাচনৰ প্রতি লক্ষ্য ৰাখি জিনাৰাম বডোক অধ্যক্ষ আৰু কৃষ্ণ সুবেদীক মুখ্য আহ্বায়ক হিচাপে লৈ ২৯নং শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিৰ নির্বাচন পৰিচালনা সমিতিও গঠন কৰা হয়৷

You might also like