সামৰণি পৰিল ভৱানীপুৰ সত্ৰৰ দৌল মহোৎসৱৰ
- ময়নবড়ী সত্ৰৰ বুঢা সত্ৰীয়া গনেশ চন্দ্ৰ অধিকাৰীলৈ গোপাল আতা বঁটা প্ৰদান
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ : ভৱানীপুৰ সত্ৰত চাৰি দিনীয়াকৈ আয়োজন কৰা দৌল উৎসৱৰ আজি সামৰণি পৰে। পৰম্পৰা অনুসৰি আজি পুৱা ৯-৩০ বজাত গোসাঁই দৌলৰ পৰা অৱৰোহণ কৰোৱাৰ পিচত বৃহত্তৰ ভৱানীপুৰৰ গাৱে ভুঞে ইজনে সিজনক আবিৰ সানি হোলী নৃত্য গীত পৰিৱেশন কৰি অঞ্চলটোৰ পৰিৱেশ মুখৰিত কৰি তোলে। বিয়লি আঢ়ৈ বজাত আৰম্ভ হয় গোসাঁই ফুৰোৱা পৰ্ব। ভবানীপুৰ দক্ষিণহাটীৰ মাজেৰে হোলী গীত নৃত্য কৰি গোসাঁইক হেকতা খোৱাবলৈ নিয়ে । ইয়াৰ পিচত ভবানীপুৰ নহাটীৰ মাজেৰে শোভাযাত্ৰা কৰি বামুণপাৰাৰ ঘুনুচা মন্দিৰত নেউতা খোৱাই গোসাঁইক সত্ৰলৈ নি মণিকূটত প্ৰৱেশ কৰায়। ইয়াৰ আগতে পুৱা ৭ – ৩০ বজাৰ পৰা পৰিৱেশ নিকাকৰণ,নিত্য প্ৰসংগ, পূজা অৰ্চনা, হোলী গীত পৰিৱেশন, হোলী দলৰ দ্বাৰা ‘মহামিলন’ শীৰ্ষক অনুষ্ঠানত পদগীত পৰিৱেশন কৰা হয়। সন্ধিয়া ৫ বজাত কৈহাটী ঢুলীয়া দলৰ বাৰেৰহণীয়া অনুষ্ঠান পৰিবেশন, সন্ধিয়া ৬ বজাত সত্ৰীয়া আৰু হোলী নৃত্য গীতৰ অনুষ্ঠান, নিশা ৮ বজাত পুতুলা নাট প্ৰদৰ্শন আৰু নিশা ১০ বজাত ছমৰীয়া সত্ৰৰ শিল্পীৰ দ্বাৰা সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখ্য যে ভৱানীপুৰ সত্ৰৰ চাৰি দিনীয়া দৌল উৎসৱৰ কাৰ্য্যসূচী অনুসৰি ৬ মাৰ্চৰ পুৱা ৭ ৩০ বজাত পৰিৱেশ নিকাকৰণ, ৮ বজাত নিত্য প্ৰসংগ, ৮ – ৩০ বজাত গোসাঁইৰ পূজা অৰ্চনা, বিয়লি ৩ বজাত ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰাইজমানি মুকলি হোলীগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ক শাখাৰ শ্ৰেষ্ঠ দল মৰ্ণিগ্লৰি স্কুল, দ্বিতীয় শ্ৰেষ্ঠ দল গৌৱানন্জলী মেধিৰ দল, তৃতীয় শ্ৰেষ্ঠ দল ৰৃপ্তি মজুমদাৰৰ দল, শ্ৰেষ্ঠ পাঠকেনী গৌৱানন্জলী মেধি, শ্ৰেষ্ঠ পাঠক ৰক্তিমজ্যোতি দাস আৰু খ শাখাৰ শ্ৰেষ্ঠ দল দক্ষৰাম দল, দ্বিতীয় শ্ৰেষ্ঠ দল উষা দাসৰ দল, তৃতীয় শ্ৰেষ্ঠ দল কৃষ্ণ কানাই হোলী দল, শ্ৰেষ্ঠ পাঠকেনী দিক্ষিত দাস, শ্ৰেষ্ঠ পাঠক সৌৰভ দাস, শ্ৰেষ্ঠ ঢোলক পুলক দাস আৰু শ্ৰেষ্ঠ জুৰি বাদকৰ বটা লাভ কৰে ৰাকেশ দাসে।নিশা ৭ বজাত গোসাঁই দৌলত আৰোহণ আৰু ৭- ৩০ বজাত আতচবাজী প্ৰদৰ্শন কৰা হয় ।৭ মাৰ্চৰ পুৱা ৭ – ৩০ বজাৰ পৰা পৰিৱেশ নিকাকৰণ, নিত্য প্ৰসংগ, পূজা অৰ্চনা, আয়তীৰ নাম ১০ বজাত আয়তী আৰু যুৱতীৰ ঘোষানাম প্ৰতিযোগিতা, বিয়লি ৪ বজাত কৈহাটীৰ ঢুলীয়াৰ বাৰেৰহণীয়া অনুষ্ঠান পৰিৱেশন, নিশা ৭ বজাত ‘পৰম্পৰা প্ৰবাহ’ শীৰ্ষক সত্ৰীয়া অনুষ্ঠান পৰিৱেশন আৰু নিশা ৮ বজাৰ পৰা স্থানীয় শিক্ষানুষ্ঠান, এমিন ডেন্স একাডেমী হৰিপুৰ আৰু পাঠশালাৰ শিক্ষাৰ্থীৰ দ্বাৰা সত্ৰীয়া অনুষ্ঠান পৰিৱেশন কৰা হয় । ৮ মাৰ্চৰ ৭-৩০ বজাৰ পৰা পৰিৱেশ নিকাকৰণ, নিত্য প্ৰসংগ, পূজা অৰ্চনা, আয়তীৰ নাম পৰিৱেশন, দিনৰ ১০ বজাত শ্ৰী কৃষ্ণৰ লীলাৰ বেশ ভূষাৰ প্ৰতিযোগিতা, বিয়লি ৩ বজাত কৈহাটী ঢুলীয়া দলৰ অনুষ্ঠান পৰিবেশন, সন্ধিয়া ৬ বজাত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। স্থানীয় বিধায়ক ফনীধৰ তালুকদাৰে উদ্বোধন কৰা সম্বৰ্ধনা অনুষ্ঠানত ময়নবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰীক ভৱানীপুৰীয়া গোপাল আতা বটা প্ৰদান কৰা হয়। প্ৰথম বাৰৰ বাবে ভৱানীপুৰ সত্ৰ পৰিচালনা কমিটীয়ে প্ৰবৰ্তন কৰা এই বিশেষ বঁটাটোত নগদ ধনৰ লগতে মানপত্র, ভাগৱত শৰাই, চেলেং চাদৰ, গামোচা আদি প্ৰদান কৰা হয়। বটা গ্ৰহণ কৰি সত্ৰাধিকাৰ জনে নিজৰ মনৰ আনন্দ প্ৰকাশ কৰে যদিওঁ শাৰিৰীক অসুস্থতাৰ বাবে তেওঁৰ পৰিবৰ্তে পুত্ৰ অপূৰ্ব অধিকাৰীয়ে ভাষণত ময়নবড়ী সত্ৰ দূৰ্যোগপূৰ্ণ সময়তো সত্ৰৰ বন্তি গছি জ্বলাই ৰাখি সত্ৰখনৰ আজিৰ ৰূপ পোৱাছে বুলি মন্তব্য কৰে। প্ৰসংগক্ৰমে তেওঁ অসম আন্দোলনৰ বিভিষীকাময় পৰিস্থিতিৰ বৰ্ণনা কৰি সত্ৰীয়া সংস্কৃতিৰ উত্তৰণ কামনা কৰে। এই অনুষ্ঠান চলচিত্ৰ উন্নয়ণ নিগমৰ উপাধ্যক্ষ আলেখ্য বৰুৱা, সত্ৰীয়া সংস্কৃতিৰ সাধক গুনিন্দ্ৰ নাথ ওজা, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, গুৱাগাছা সত্ৰৰ সত্ৰাধিকাৰ টিকেন্দ্ৰ অধিকাৰী, সাংবাদিক ৰাজদ্বীপ বাইলুং, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকুন্দ শৰ্মা, বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভূষণ চন্দ্ৰ পাঠক, অভিনেত্ৰী গায়ত্ৰী বৰা, অধিবক্তা বিৰাজ চৌধুৰী, ভৱানীপুৰ সত্ৰৰ পাঠক কৃষ্ণ কান্ত দাস, সমাজ কৰ্মী প্ৰমোদ তালুকদাৰ, ধ্ৰুৱ কুমাৰ ডেকা আদিয়ে অংশ গ্ৰহণ কৰি দৌল উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে। নিশা ১০ বজাত নাট মঞ্চায়ন কৰা হয় ।
ইফালে সৰুপেটাৰ নাতিদূৰৈৰ অজাসস্তৰ গাঁওতো যোৱা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে দৌল মহোৎসৱৰ উদযাপন কৰা হয় । এই উপলক্ষে নাম প্ৰসংগ, ভাগৱত পাঠ, হোলীগীত পৰিৱেশন, ওজাপালিৰ অনুষ্ঠান, স্মৃতিগ্ৰন্থ উন্মোচন, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হয় ।
ভূষণ তালুকদাৰ