নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তলৈ শেষ শ্ৰদ্ধাঞ্জলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চ: কোচবিহাৰস্থিত শ্ৰীশ্ৰী মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ বুধবাৰে বৈকুণ্ঠ প্ৰয়াণ ঘটে। নৱবৈষ্ণৱ ধৰ্মৰ একান্ত সাধক মহন্তৰ বিয়োগৰ খবৰে সকলোকে মৰ্মাহত কৰিছে।

সত্ৰাধিকাৰগৰাকীৰ বিয়োগৰ খবৰ লাভ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি মধুপুৰ সত্ৰত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।

সত্ৰত উপস্থিত হৈয়ে সত্ৰাধিকাৰগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে অন্ত্যোষ্টিক্ৰিয়া পৰ্বত উপস্থিত থাকি শোকসন্তপ্ত তেখেতৰ আত্মীয়, অনুগামী তথা ভকত বৈষ্ণৱৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

উল্লেখ্য যে আজি অজস্ৰ অনুগামী, ভকতৰ উপস্থিতিত মধুপুৰ সত্ৰৰ নাতিদূৰত্বৰে প্ৰবাহিত তোৰচা নদীৰ পাৰত তেখেতৰ নশ্বৰ দেহ সৎকাৰ কৰা হয়।

আজি মধুপুৰ সত্ৰত মন্ত্ৰী বৰুৱাৰ সৈতে শ্ৰীমন্ত কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, কোচবিহাৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা কোচবিহাৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি সুকুমাৰ ৰয় আৰু ধুবুৰী পৌৰসভাৰ অধ্যক্ষ দেৱময় শান্যালো উপস্থিত থাকে।

You might also like