নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“সুৰা–ম’বাইলে ধ্বংস কৰিছে আজিৰ প্রজন্মক”

নিয়মীয়া বার্তা,৩০ ডিচেম্বৰঃ ‘মদ আৰু ম’বাইল ফোনেই মূলতঃ ধ্বংস কৰিছে আজিৰ প্রজন্মক৷’ –এই মুকলি বিষোদগাৰ  কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ হিতেশ ডেকাৰ৷

ছিপাঝাৰৰ অগ্রণী সামাজিক–সাংস্কৃতিক অনুষ্ঠান হাজৰিকাপাৰা ৰাইজিং ক্লাবৰ সোণালী জয়ন্তীৰ মুকলি সভাত বিশিষ্ট শিক্ষাবিদগৰাকীয়ে সামাজিক ক্ষেত্রখনলৈ অহা বিভিন্ন পৰিৱর্তন ফহিয়াই বিশ্লেষণ কৰে৷ তেওঁ আৰু কয়– ‘আমাৰ সমাজ ব্যৱস্থাত দ্রুতগতিত পৰিৱর্তন হৈছে৷ আমি  সকলোৱে মিলি পুৰণি গাঁৱৰ দৃশ্যপট ঘূৰাই আনিব লাগিব৷’

তিনিদিনীয়াকৈ আয়োজিত সোণালী জয়ন্তীৰ সামৰণিৰ মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিক্ষাবিদগৰাকীয়ে আমাৰ পৰিয়ালৰ সমন্বয়ৰ অভাৱ হোৱাৰ লগতে ইংৰাজী মাধ্যমত বিদ্যালয়ৰ উত্তৰণৰ ফলতেই অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত মাধমাৰ পৰিছে বুলিও মন্তব্য কৰে৷

এই সভাতে সোণালী জয়ন্তী উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ উন্মোচন কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ প্রসন্ন কুমাৰ নাথে৷ উন্মোচনী বক্তব্যত শেহতীয়াকৈ ছাত্র–ছাত্রীৰ মাজত গ্রন্থ অধ্যয়নৰ স্পৃহা কমাটোত উদ্বেগ প্রকাশ কৰি গ্রন্থ প্রকাশ কৰি উন্মোচন কৰিলেই নহ’ব, তাৰ ভিতৰচ’ৰাও পঢ়িব লাগিব বুলি তেওঁ উল্লেখ কৰে৷

You might also like