সোণাহাট বাণিজ্য কেন্দ্রৰে বাংলাদেশলৈ আমদানি–ৰপ্তানি বন্ধ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সম্ভাব্য প্রাদুর্ভাৱ ৰোধ কৰাৰ বাবে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ তথা ভাৰত–বাংলাদেশ সীমান্তৱর্তী সোণাহাট আন্তর্জাতিক বাণিজ্য কেন্দ্রৰে সাময়িকভাৱে বাংলাদেশলৈ যাত্রীৰ অহা–যোৱা আৰু আমদানি–ৰপ্তানি বন্ধ কৰা হৈছে৷ জানিব পৰা মতে, কালি মাজনিশাৰ পৰা বলৱৎ হোৱাকৈ এই সন্দর্ভত ধুবুৰী জিলা প্রশাসনে এক নির্দেশনা জাৰি কৰে৷