সোণাৰি চাপৰিত ঘৰঘৰি জানৰ পাৰৰ চৰকাৰী মাটিত চলোৱা অবৈধ খনন বন্ধ কৰিলে মহকুমা প্ৰশাসনে
নিয়মীয়া বাৰ্তা, ৫ মাৰ্চ: ৰাজ্যজুৰি জলাশয় বেদখলকাৰীক উচ্ছেদৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে আজি ঢকুৱাখনা মহকুমা প্ৰশাসনে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ঢোলপেটা গাওঁত চৰকাৰী জলাহ ভুমিত চলোৱা খনন কাৰ্য বন্ধ কৰাত সন্তোষ প্ৰকাশ কৰিছে সচেতন মহলে ৷ প্ৰাপ্ত তথ্য মতে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ গোহাঁই মৌজাৰ অন্তগত কেকুঁৰি দীঘলা মেপৰ ঘৰঘৰি জানৰ পাৰৰ এডোখৰ চৰকাৰী মাটিত অবৈধভাবে পুখুৰী খান্দিবৰ বাবে চলোৱা খনন কাৰ্য আজি বন্ধ কৰিলে ঢকুৱাখনা মহকুমা প্ৰশাসনে ৷ আন এক সুত্ৰে জানিব পৰা মতে ঢোলপেটা গাওঁৰ নিৰ্বাসী তথা চৰকাৰী ভুমি সংৰক্ষণ সমিতিৰ সদস্য প্ৰবিত্ৰ দিহিঙীয়াই বিগত বৰ্ষত ঘৰঘৰি জানৰ পাৰৰ চৰকাৰী ভুমিখণ্ডত বে দখল চলাই প্ৰশাসনৰ বিনা অনুমতিত পুখুৰী খণ্ডাৰ প্ৰতক্ষ্য কৰি লাট গাওঁবুঢ়া তথা ভুমি সংৰক্ষণ সমিতিৰ সভাপতি প্ৰশান্ত বুঢ়াগোহাঁইএ বিভাগীয় কত্পক্ষক অৱগত কৰাৰ পিছতেই উক্ত খনন কাৰ্য বন্ধ কৰা হয় যদিও বিগত প্ৰায় এটা বছৰে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত আজি পুণৰ মহকুমা প্ৰশাসনক অংগুস্থ প্ৰদৰ্শন কৰি এক্সেভেটৰে খনন চলাই টেক্টৰে মাটি কঢ়িয়াই নিবলৈ দুসাহস কৰে ৷ এই বিষয়ে জানিব পাৰি ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাৰ নিৰ্দেশ ক্ৰমে সোণাৰি চাপৰি আৰক্ষী উক্ত স্থানত উপস্থিত হৈ অবৈধ খনন বন্ধ কৰে যদিও টেক্টৰ বা এক্সেভেটৰ আদি জব্দ নকৰাত প্ৰতিক্ৰিয়া স্ষ্টি হৈছে যদিও পৰৱৰ্তী সময়ত মহকুমা প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয় হিচাপে পৰিগণিত হব বুলিও জানিবলৈ দি ইয়াৰ এক ন্যায়িক তদন্তৰো দাবী জনাইছে একাংশ গাওঁবাসীৰ লগতে সচেতন মহলেও ৷
প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি