নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত বি জে পিৰ অনুসূচীত জাতি মৰ্চাৰ অসম প্ৰদেশৰ তৃতীয় খন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা

 

নিয়মীয়া বাৰ্তা ; ৫ মাৰ্চ – ৰাজ্যত শাসনাধীন ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ অসম প্ৰদেশ সমিতিৰ তৃতীয় খন কাৰ্য্যনিৰ্বাহক সভা এখন কামৰূপ জিলাৰ বকোত অনুষ্ঠিত হয়। যোৱা কালি অৰ্থাৎ ৪ মাৰ্চ আৰু আজি ৫ মাৰ্চত দুই দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আয়োজন কৰা অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত দ’ল আৰু চৰকাৰৰ আভ্যন্তৰীণ বিষয় বোৰৰ ওপৰত আলোকপাত কৰে। দলৰ উত্থান আৰু জনতাৰ সেৱাৰ নামত কৰা কামৰ ওপৰত বিষদ আলাপ আলোচনা তথা গুণানুকীৰ্তন কৰে। কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ দাস ; প্ৰাক্তন সভাপতি তথা অসম মন্ত্ৰী সভাৰ মন্ত্ৰী ৰণজিৎ দাস ; দলৰ উপ সভাপতি জয়ন্ত কুমাৰ দাস ; অসম চৰকাৰৰ মীন বিভাগৰ উপাধ্যক্ষ তথা প্ৰাক্তন সভাপতি নৱাৰুণ মেধি ; দলৰ ৰাষ্ট্ৰীয় সম্পাদক নিলোপম দাস ; দক্ষিণ কামৰূপ জিলা বি জে পিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ ; পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াকে ধৰি বহু সংখ্যক দলীয় কৰ্মী। ইফালে বি জে পিৰ অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভানেত্ৰী মুন স্বৰ্ণকাৰে আজি পুৱা পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা কাৰ্য্যসুচীৰ আত ধৰে মৰ্চাৰ সাধাৰণ সম্পাদক সীমান্ত দাস আৰু অৰ্জুন মজুমদাৰে। মৰ্চাৰ আহ্বায়ক উৎপল হাজৰিকাই জনোৱা মতে ; যোৱা কালি অৰ্থাৎ ৪ মাৰ্চত গুৱাহাটীৰ কাহিকুচিত এছ আই আৰ ডিৰ সভাগৃহত আয়োজন কৰা হৈছে মৰ্চাৰ ৰাজ্যিক বৈথক। এই বৈথকতে আগন্তুক লোক সভা নিৰ্বাচন সন্দৰ্ভত বিষদ আলোচনা কৰি নিৰ্বাচনৰ বাবে উঠি পৰি লগাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰকাশ্য যে ; বকোৰ গান্ধী মৈদানত আয়োজন কৰা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহন কৰা অতিথি সকলোক সম্ভাষণ আৰু আদৰণি জনায় অনুসূচিত জাতি মৰ্চাৰ জিলা সমিতিৰ সভাপতি প্ৰহ্লাদ বিশ্বাস আৰু সংহত জনজাতীয় উন্নয়ণ প্ৰকল্পৰ অধ্যক্ষা লাৱন্য বড়োই। লাৱন্য বড়ো আৰু প্ৰহ্লাদ বিশ্বাসে সকলো অতিথিক আৰনাই আৰু পাজাৰেৰে সম্বোৰ্ধনা জনায়। সভাত প্ৰতিগৰাকী বক্তাই ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কাৰ্য্যকালত সৰ্বাংগীন বিকাশৰ ধাৰা বোৱা বুলি ঘোষণা কৰি জনসাধাৰণৰ বাবে লোৱা অভিলাষী আঁচনিৰ ওপৰত আলোকপাত কৰে। সভাত দক্ষিণ কামৰূপ জিলা ; বকো মণ্ডল সমিতি বি জে পিৰ দলীয় কৰ্মী আৰু বিষয় ববীয়া সকলে সহযোগ আগবঢ়াই। বকোত সভা খন পৰিচালনা কৰাত বিশেষ তৎপৰতা দেখুওৱা বাবে জিলা সভাপতি প্ৰহ্লাদ বিশ্বাসক সকলোৱে শলাগ লয়।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like