নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত শিশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ ঘিলামৰা সামুহিক চিকিৎসালয়ৰ অন্তগত সোণাৰি চাপৰি খুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধিনস্থ খামনমুখ ময়েঙীয়াৰ বিপুল পায়েং আজি পুৱা ৭ ‘ ৩০ বজাত জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাত গাওঁখনত আতংকৰ ময় পৰিস্থিতি সৃষ্টি হৈছে ৷

ঘটনাৰ বিবৰণীৰ মতে সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত খামনমুখ ময়েঙীয়াৰ দ্বীপক পায়েং আৰু ৰীমা পায়েংৰ একমাত্ৰ পুত্ৰ বিপুল পায়েংক স্বাস্থ্যজনিত কাৰণত ধেমাজিৰ চিকিৎসালয়ত ভৰ্ত্তি কৰাত জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত বুলি চিনাক্ত হয় ৷ পিছত কিশোৰটিক যোৱা ১৭ জুলাইত ডিব্ৰুগড় মেডিকেল কলেজলৈ নিয়া হয় যদিও ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাতে আজি পুৱা কিশোৰটিৰ মৃত্যু হোৱাত গাওঁখনত আতংকই বিৰাজ কৰিছে ৷

আনহাতে ১৭ জুলাইতে কিশোৰ গৰাকীৰ দেহত জাপানীজ এনকেফ্লাইটিছ ৰোগৰ উপস্থিতি ধৰা পৰাৰ পিছতো আনকি আজি কিশোৰ গৰাকীৰ পখিলা খেদাৰ বয়সতে জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতো গাওঁখনত কোনো ধৰণৰ প্ৰতিষেধক ব্যৱস্থা নোলোৱাত ঘাইকৈ চিকিৎসা বিভাগকেই জগৰীয়া কৰিছে গাওঁ বাসীয়ে ৷ এই ক্ষেত্ৰত সোণাৰি চাপৰি অঞ্চলত জাপানীজ এনকেফ্লাইটিছৰ দৰে মৰাত্মক ৰোগৰ উপস্থিতি ধৰা পৰাৰ পিছতো আনকি শিশুৰ মৃত্যুৰ পিছতো কি কাৰণে অঞ্চলটোত বীজাণুনাশক দব্য প্ৰয়োগ কৰা ন’হল বুলিও প্ৰশ্ন উত্থাপন কৰি ইয়াৰ এক ন্যায়িক তদন্তৰ দাবী জনাই অনতিপলমে ইয়াৰ এক বিহিত ব্যৱস্থাৰো দাবী জনাই অঞ্চলটোত বীজাণু নাশক দব্য চটিয়াবলৈকো দাবী জনাইছে গাওঁ বাসীৰ লগতে সমগ্ৰ সোণাৰি চাপৰি বাসীয়ে ৷

You might also like