নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত গণসংক্ৰমনৰ আশংকা; ৰেপিড টেষ্টত ধৰা পৰিল ৬ জনৰ দেহত ক’ভিড-১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ জোনাই মহকুমাত গনসংক্ৰমনৰ আশংকা৷ বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণৰ পৰা ৰাজ্যখনক ৰক্ষা কৰাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰেপিড টেষ্ট ব্যৱস্থা কৰাৰ পিছতে আজিৰে পৰা জোনাই মহকুমাটো আৰম্ভ কৰিছে ৰেপিড টেষ্ট ৷ জোনাই বজাৰৰ মাজমজিয়াত দুৰ্গা মন্দিৰত শিবিৰ স্থাপন কৰা ৰেপিড টেষ্টৰ পাছত একেদিনাই ছয়জন যুৱকৰ দেহত ক’ভিড–১৯ৰ পজিটিভ পোৱাৰ ঘটনাই জোনাইত শংকাৰ সৃষ্টি কৰিছে৷

ৰেপিড টেষ্ট কৰি কভিড-১৯ পজিটিভ পোৱা ৰোগীসকল ক্ৰমে জোনাই বজাৰৰ মহন্ত নমসুন্দ্ৰ(২৫) সুভাষ দাস(৫৪), ৰতকে গাঁৱৰ একেটা পৰিয়ালৰ প্ৰেমধৰ কুটুম(৬৫), ফুলমনি কুটুম(৫৮) আৰু দুলুমনি কুটুম(২৬) আৰু আগাম দলুঙৰ হিলাৰি পেগু(১৯)৷ মহন্ত নমসুন্দ্ৰ নামৰ কভিড পজিটিভ পোৱা যুৱক জন জোনাইৰ জীৱন দ্বীপ ফাৰ্মাচীত কৰ্মৰত আছিল৷

কভিড-১৯ পজিটিভ ৰোগীসকলৰ কোনো ভ্ৰমণত যোৱা তথ্য নাই৷ কভিড-১৯ পজিটিভ ৰোগীক এজনক চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ কেন্দ্ৰত আৰু চাৰিজন ৰোগীক ধেমাজি ইনজিনিয়াৰিং কলেজক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্ত্তি কৰা হৈছে৷ ইফালে জোনাইত মুঠ ১৫৪ ৰেপিড টেষ্টৰ ফলাফল অনুসৰি ৬ গৰাকীৰ ক’ভিড পজিটিভ ৰোগী হিচাপে চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে জোনাই বজাৰৰ মাছ বজাৰ হৈ আশা হোটল আৰু তাৰ ওচৰৰ দুকানকেইখনৰ আংশিক ভাগ কন্টেইনমেইন জন হিচাপে ঘোষণা কৰা হৈছে ।

You might also like